/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ghilamara-1.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : জীয়াঢল নদীৰ শিহৰণকাৰী বানৰ বাবে ঘিলামৰা গোগামুখ সংযোগী ২২ নং ৰাজ্যিক ঘাইপথৰ বিস্তীৰ্ণ এলেকা একাঠু পৰ্যন্ত বানত ডুব গৈছে । এঘণ্টাৰ ভিতৰতে দুফুট ওখকৈ প্ৰচণ্ড সোঁতৰ বানৰ ঢল আহি সমস্ত পথ ডুবাই পেলোৱাৰ সমান্তৰাল ভাৱে সোৱণশিৰী ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাঁও প্লাবিত কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-31-at-5.52.21-PM-1024x490.jpeg)
সমগ্ৰ অঞ্চলটোৰ ঘৰ বাৰী ,খেতি পথাৰ , বিদ্যালয় ৰাস্তা সকলো বুৰাই পেলোৱাৰ ফলত গঞা ৰাইজৰ মাজত বিষম পৰিস্থিতিৰ উদ্ভৱ হৈছে। গঞাই ৰাজপথলৈ পোহনীয়া পশুধন আনি আশ্ৰয় দিছে। জীয়াঢলৰ ভয়ংকৰ বানৰ ধলে ২২ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কুমতিয়া দলংলৈ প্ৰচণ্ড ভাবুকি নমাই অনাৰ বাবে পথ যোগাযোগ বন্ধ কৰি দিছে প্ৰশাসনে। পৰিণতিত ঘিলামৰা হৈ গোগামুখ ৰাষ্ট্ৰীয় ঘাইপথলৈ সকলো যানবাহন চলাচল কৰাৰ বাবে ঘিলামৰাৰ চামপৰা অংশত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে।
একাঠু পানীৰে জলমগ্ন পথটোত উদ্ভৱ হোৱা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢকুৱাখনা মহকুমা প্ৰশাসনে গোগামুখ -ঘিলামৰা ২২নং ৰাজ্যিক ঘাইপথ চামপৰা অংশত ফিটা মাৰি বন্ধ কৰি দিছে। পৰিণতিত যান বাহন আৰু যাত্ৰী সকলৰ মাজত হুলস্থুলীয়া পৰিবেশৰ সূত্ৰপাত ঘটিছে । ভিন্ন স্থানৰ পৰা অহা যাত্ৰী সকল এই অংশত আবদ্ধ হৈ পৰিছে। ইপিনে এই পথেৰে পথাৰত এৰাল দি থোৱা পশুধন বানৰ বাবে নিৰাপদ স্থানলৈ আনি থকা অৱস্থাতে ৪ টাকৈ পশুধন বানৰ ঢলত উটি গৈছে চামপৰাত ।অদ্যপি উদ্ধাৰ হোৱা নাই পশুধন সমূহ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/WhatsApp-Image-2022-07-31-at-6.16.01-PM.jpeg)
জীয়াঢলৰ বানে মধ্য চামপৰা উচ্চ আৰু জয়া মধ্য ইংৰাজী বিদ্যালয়খন সম্পূৰ্ণ ৰূপে বুৰাই পেলাই সমগ্ৰ দক্ষিণ ঘিলামৰা এলেকাত সন্ত্রাস সৃষ্টি কৰিছে। লগতে চামপৰা লেফ্ট বেংকৰ পৰা দক্ষিণ গাঁও সংযোগী লোকনিৰ্মান বিভাগৰ এটা পথ জলমগ্ন হোৱাৰ লগতেপ্ৰবল সোঁতে যিকোনো মুহূৰ্তত পথটো ছিন্ন ভিন্ন কৰাৰ গভীৰ আশংকাই দেখা দিছে।
আৰু পঢ়ক: ৰে'ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহুৰ্ততে প্ৰাণ হেৰুৱালে ৩ জনীয়া এটা পৰিয়ালে…