ঘিলামৰাত ৰেচম পালক,পশু পালকলৈ বিপদ মাতি আনিছে জীয়াঢলৰ বানে

ঘিলামৰাত ৰেচম পালক,পশু পালকলৈ বিপদ মাতি আনিছে জীয়াঢলৰ বানে

author-image
asomiyapratidin
New Update
ঘিলামৰাত ৰেচম পালক,পশু পালকলৈ বিপদ মাতি আনিছে জীয়াঢলৰ বানে

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঘিলামৰাৱাসীৰ  জীৱন সম্পত্তিলৈ মহা সংকট মাতি আনিছে  গাই, জীয়াঢল  আৰু কুমতিয়া নদীৰ সংহাৰী ৰূপে।  বুধবাৰে  পুৱাৰ পৰাই  ভয়ংকৰ ভাবে নদী কেইখনৰ বৃদ্ধি পাই অহা বাঢ়নী পানীয়ে বিলাই বিপত্তিৰ  সীমা নোহোৱা কৰিছে বৰদৈ গাঁও পঞ্চায়তবাসীৰ। 

Advertisment

সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত  অৰ্ধ শতাধিক গাঁওত সৃষ্টি কৰা বান বিভীষিকাৰ পৰিপ্ৰেক্ষিতত  হাহাকাৰ কৰিছে সৰ্বশ্ৰান্ত বন্যাৰ্তই।  বন্যা বিধ্বস্ত গঞাই অদ্ধাহাৰী অন্যহাৰী জীৱন নিৰ্বাহ কৰি অহাৰ  সমান্তৰাল ভাৱে  এতিয়া বানাক্ৰান্ত  অঞ্চল সমূহত দেখা দিছে ব্যাপক  পশু খাদ্য সংকটে। বান কবলিত এলেকা সমূহৰ কৃষকৰ পশুধন সমূহ ৰাজপথলৈ উলিয়াই আনি গছৰ পাত,কল গছ কাটি  দি পেটৰ ক্ষুধা পূৰাবলৈ  চেষ্টা কৰিছে সৰ্বশ্ৰান্ত বন্যাৰ্তই।

দিনে নিশাই মুখলধাৰ বৰষুণত তিতি বুৰি লঘুণীয়া পেটৰ ক্ষুধা পূৰাবলৈ অখাদ্য ভক্ষণ কৰিব লগা মৰ্মান্তিক  পৰিবেশৰ সূচনা হৈছে  বানাক্ৰান্ত ঘিলামৰাত । সুদীর্ঘ দিন ধৰি ঘৰে পথাৰে , গৰুৱে গাইয়ে  চৰকাৰী সাহায্য লাভ নকৰাকৈ কটোৱা দুৰ্বিসহ জীৱন সন্দৰ্ভত ৰাইদঙীয়া গাঁওৰ দৰিদ্ৰ বয়স্ক কৃষক গোপাল গগৈয়ে অতি দুখেৰে  চৰকাৰী সাহায্য অবিহনে ,ভোকাতুৰ পশুধনক লৈ সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত ক্ষোভ উজাৰিলে সংবাদ মাধ্যমৰ আগত ।
অন্যহাতে  সমান্তৰাল ভাৱে ঘিলামৰাৰ ৰেচম পালক সকলৰো একেই দুৰ্দশা । চুমনিত একাঠু পৰ্যন্ত  বান উঠাত পকা মুগা ব্যাপক হাৰত পানীত পৰি অকাল মৃত্যু ঘটা পৰিলক্ষিত হৈছে ।

এহাতে বৰষুণ আৰু অন্যহাতে  চুমনিত একাঠু পৰ্যন্ত বান পানী উঠি গ্ৰামাঞ্চলৰ ৰেচম পালক সকলৰ ব্যাপক ক্ষয় ক্ষতি  কৰা বুলি জানিবলৈ দিলে ঘিলামৰাৰ ক্ষতিগ্ৰস্ত ৰেচম পালকে। ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সোৱণশিৰী ৰাজহ চক্ৰৰ  বানাক্ৰান্ত  পশুধনৰ প্ৰতি প্রদর্শন কৰা  এনে অবিবেচকী পদক্ষেপক বন্যাৰ্তই একেমুখে ধিক্কাৰ দিছে ।

আৰু পঢ়ক: বানপানীয়ে উটুৱাই লৈ যোৱা লোকৰ মৃতদেহ উদ্ধাৰ…

assam dhakuakhana