ঘিলামৰাত কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ...

ঘিলামৰাত কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ...

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: সমাগত লোকসভা নিৰ্বাচন। তৎপৰ শাসক বিৰোধী সকলো ৰাজনৈতিক দল । পাছ পৰি ৰোৱা নাই ১২ নং লখিমপুৰ লোক সভা সমষ্টিৰ ইণ্ডিয়া সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাও । লোকসভা সমষ্টিটোৰ ঢকুৱাখনা আৰু ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত সকলো মণ্ডলত প্ৰাৰ্থী গৰাকীয়ে অবিৰাম গতিত চলাই গৈছে মাৰাথান নিৰ্বাচনী প্ৰচাৰ সভা ।তাৰেই অংশ হিচাপে বৃহস্পতি বাৰে ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত বৰদৈবাম মণ্ডলৰ পৰা আৰম্ভ কৰি বিলমুখ, গা ডাঙৰচুক,ভৰত চুক, ঘূণাসুঁতি,বৰ্ষামুখ,বেবেজিয়া,বাসুদেৱ ,বাটচৰামুখ ,মৰনৈ,বলাহী, দেৱলীয়া ফুকনগাঁও তিনিআলি,ঘাঁহি গাঁও, ঘিলামৰা, বাটমাৰী, ধেনুখণা,গন্ধিয়া, কঠালগুৰি, শিঙিয়া আদিত দলীয় প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে প্ৰাৰ্থী হাজৰিকাই।

Advertisment

অগণন দলীয় কৰ্মী সমৰ্থক উপস্থিতি থাকে এনেবোৰ প্ৰচাৰ সভা সমূহত। লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰা , অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি আনন্দ নৰহ, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙীয়া, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি দেৱজিৎ হাজৰিকা, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ড০ জয় প্ৰকাশ দাস, জিলা কংগ্ৰেছৰ উপ সভাপতি চিদানন্দ কমান ,মহিলা কংগ্রেছ, সেৱা দল, এন এছ ইউ আই, যুৱ কংগ্রেছৰ সকলো নেতৃত্বৰ উপস্থিতিত প্ৰচাৰ সভা অনুষ্ঠিত কৰি গেৰুৱা দলে শাসনৰ নামত চলাই যোৱা শোষণৰাজ উৎখাতৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক ভোট প্ৰদানৰ আহ্বান জনায়।বিজেপি চৰকাৰৰ দিনত হোৱা আকাশলঙ্ঘী মূল্যবৃদ্ধি, বৃহৎ পুঁজিপতিক দেশৰ সম্পত্তি বিক্ৰীকৰণ আদি বিভিন্ন অপশাসনৰ বিৰুদ্ধে ৰাইজ সজাগ সচেতন হৈ এনে গেৰুৱা দলেৰ দৌৰাত্ম্য প্ৰতিৰোধৰ বাবে" ইণ্ডিয়া"ৰ উমৈহতীয়া প্ৰাৰ্থী হাজৰিকাক জয়ী কৰাৰ আহ্বান জনায়।

সভা সমূহত বক্তব্য ৰাখি প্ৰাৰ্থী হাজৰিকাই বিজেপিক অসম আৰু অসমীয়াৰ আজন্ম শত্ৰু বুলি অভিহিত কৰি দেশ আৰু ৰাজ্যখনক বচাবলৈ এই শোষকৰ দল বিজেপি আৰু দলীয় প্ৰাৰ্থী প্ৰদান বৰুৱাক সমাগত নিৰ্বাচনত ৰাজনৈতিক নিৰ্বাসন দিয়াৰ আহ্বান জনায় । প্ৰাৰ্থী হাজৰিকাই অসমৰ ৰাজহুৱা সম্পদৰ সুৰক্ষা , জাতিয় অস্তিত্ব ৰক্ষা আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপিৰ বিৰুদ্ধে মাৰবান্ধি ভোটাৰ ওলাই আহি লোকসভা সমষ্টিটোত কংগ্ৰেছৰ সপক্ষে হাতৰ চিনত ভোট দিবলৈ আহ্বান জনায়।

ঘিলামৰা