কাজিৰঙাত পৰ্যটকৰূপী ৭ জার্মান ধৰ্মপ্ৰচাৰকক আটক...

কাজিৰঙাত পৰ্যটকৰূপী ৭ জার্মান ধৰ্মপ্ৰচাৰকক আটক...

ডিজিটেল সংবাদ, বোকাখাত : পৰ্যটকৰ ৰূপত ৰাজ্যখনৰ বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা সাত জন জার্মান পর্যটকক শুক্ৰবাৰে আৰক্ষীয়ে কাজিৰঙাৰ এখন ব্যক্তিগত পৰ্যটন নিৱাসৰ পৰা আটক কৰে। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে মাত্র ৪৮ ঘণ্টাৰ ভিতৰত পৰ্যটকৰ ৰূপত ধৰ্ম প্ৰচাৰ কৰিবলৈ অসমলৈ অহা ১০ জনকৈ বিদেশী নাগৰিকক আটক কৰিছে। নামৰূপৰ চাহ বাগিচাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা তিনিজন ছুইডেনৰ নাগৰিকক আটক কৰাৰ পাছত শুক্ৰবাৰে কাজিৰঙাত আৰু সাতজন জাৰ্মানী পৰ্যটকৰূপী ধৰ্ম প্ৰচাৰকক আটক কৰে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, যোৱা ২৫ অক্টোবৰত জাৰ্মানীৰ সাতজন পর্যটক কাজিৰঙাৰ বছাগাৱত অৱস্থিত অতি পুৰণি ৱাইল্ড গ্ৰাছ নামৰ ব্যক্তিগত পৰ্যটন নিৱাসলৈ আহে। তাতে নিশা কটাই ২৬ অক্টোবৰত কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত সাতজনীয়া পৰ্যটকৰূপী দলটোৱে ধৰ্ম প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত কালি সাতজনীয়া দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰি আজি উক্ত পর্যটন নিৱাস ত্যাগ কৰাৰ সময়ত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলায়। জানিব পৰা মতে, এই দলটোৱে মিছনেৰীৰ পৰিৱৰ্তে টুৰিষ্ট ভিছা লৈ ভাৰতত প্ৰৱেশ কৰিছিল। জাৰ্মানীৰ দলটোৱে টুৰিষ্ট ভিছা লৈ ৰাজ্যখনৰ তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু কাৰ্বি আংলঙৰ ধৰ্মীয় অনুষ্ঠানত ভাগ লৈছিল। শুক্ৰবাৰে কাজিৰঙাৰ পৰা গৈ শনিবাৰে তেজপুৰৰ এখন ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এই দলটোক স্থানীয় এজন তেৰাং উপাধিৰ কাৰ্বি লোকে কাজিৰঙাৰ গাতে লাগি থকা কাৰ্বি আংলঙৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰোৱাই আছিল। আনহাতে জার্মান নাগৰিকৰ দলটোক ঝাৰখণ্ডৰ এজন খ্ৰীষ্টান ধৰ্মৰ সৈতে জড়িত থকা লোকে টুৰ গাইড হিচাপে দেশৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰোৱাই আছিল।

ইফালে আৰক্ষী সূত্ৰে জানিব পৰা মতে, ভাৰতৰ ভিছা আইন মতে কাজিৰঙাত আটক কৰা সাতজন ধৰ্ম প্ৰচাৰত লিপ্ত থকা জার্মান নাগৰিকে প্ৰতিজনে পাঁচশ ডলাৰকৈ জৰিমনা আদায় দিয়াৰ লগতে নিজ দেশলৈ উভতি যোৱাৰ টিকট প্ৰদৰ্শন কৰিলেহে ভাৰতৰ পৰা নিজ দেশলৈ যোৱাৰ অনুমতি দিয়া হ'ব। এই কাম সম্পন্ন নকৰা পৰ্যন্ত জার্মান নাগৰিককেইজনে কাজিৰঙাৰ ৱাইল্ড গ্ৰাছ পর্যটন নিৱাসতেই আবদ্ধ হৈ থাকিব লাগিব। জৰিমনা আদায় দিয়াত অপাৰগ হোৱাৰ লগতে নিজ দেশলৈ উভতি যোৱাৰ টিকট প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি সাত জার্মান নাগৰিকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। আনহাতে এই দলটোৰ সৈতে টুৰিষ্ট গাইড হিচাপে অহা ঝাৰখণ্ডৰ লোকজন আৰু স্থানীয় তেৰাং উপাধিৰ লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে আইনী ব্যৱস্থা ল'ব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in