পলাতক নৰ হত্যাকাৰী গেৰজাইক গ্ৰেপ্তাৰ

পলাতক নৰ হত্যাকাৰী গেৰজাইক গ্ৰেপ্তাৰ

author-image
asomiyapratidin
New Update
পলাতক নৰ হত্যাকাৰী গেৰজাইক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ ,ঢকুৱাখনা : লখিমপুৰ আৰক্ষীৰ নিদ্ৰা হৰণকাৰী দুৰ্ধৰ্ষ নৰ হত্যাকাৰী পলাতক হাজোতী গেৰজাই বৰুৱা পুনৰ আৰক্ষীৰ জালত পৰিছে। যোৱা মঙলবাৰে ঢকুৱাখনা ন্যায়িক আদালতৰ শৌচাগাৰৰ পৰা পলায়ন কৰিছিল গেৰজাই।

এই নৰ ঘাটকক বৃহস্পতিবাৰে পুৱতি নিশা  ঢকুৱাখনা ,ঘিলামৰা আৰক্ষীৰ যুটীয়া অভিযান কালত  ঢকুৱাখনা ঘূণাসুঁতি গড়কাপ্তানী পথৰ বাসুদেৱ দলংৰ তলৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে কৰে । ৰাইজৰ সহযোগত  আৰক্ষীয়ে পলাতক হাজোতী আটক কৰি ঢকুৱাখনা থানালৈ আনে ।

আৰু পঢ়ক: অসমত নতুনকৈ স্থাপন হ'ব ৫ খন সৈনিক স্কুল…

arrested Assam police