/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/331bd18d-d0e1-4a97-8bcc-228f227e9d33/agranii.jpg)
gaurisagar thief death
ডিজিটেল ডেস্ক : গৌৰীসাগৰত আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰা বাইক চোৰৰ মৃত্যু। মঙলবাৰে নিশা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল বাইক চোৰটোক। উল্লেখ্য যে মঙলবাৰে এখন পালছাৰ বাইক চোৰ কৰিছিল ধৃত বাবু গোৱালাই। চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল চোৰটোক।
উল্লেখ্য যে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গৌৰীসাগৰ পুখুৰীত জাপ দিছিল চোৰটোৱে। আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত চোৰটোক নিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে বাবু গোৱালা নামৰ চোৰটেক।