/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
ডিজিটেল সংবাদ, দুমুনিচকীঃ বাইহাটা জি আৰ পিৰ অন্তৰ্গত গৌৰিপুৰৰ ৰে'ল পথত শনিবাৰে উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। প্ৰায় ৪০ বছৰ বয়সীয়া লোকজন ৰে'লৰ খুন্দাত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয়ৰ।
উল্লেখ্য যে, মৃতদেহটো বাইহাটা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰিছে। বাইহাটা ৰে'ল আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো চিনাক্ত কৰাৰ বাবে ৭২ ঘণ্টা সময় ৰঙিয়াস্থিত মৰ্গত ৰখাৰ ব্যৱস্থা কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us