ডিজিটেল সংবাদ, ধুবুৰীঃ গৌৰীপুৰ সুখাতিখাতাত এগৰাকী নাবালিকাক অপহৰণ কৰি প্ৰথমে ধৰ্ষণ তাৰ পিছত মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। গৌৰীপুৰ সুখ্যাতিখাতা গাওঁত এগৰাকী নাবালিকাক নিশা ঘৰৰ পৰা অপহৰণ ইছমাইল হক নামৰ লম্পট যুৱকে।
সুখাতিখাতা গাওঁৰ ইছমাইল হক নমৰ যুৱক জনে নাবালিকা ছোৱালী গৰাকীক ধৰ্ষণ কৰা স্থানীয় ৰাইজে প্ৰত্যক্ষ্য কৰাত লম্পট ইছমাইল হকে কিশোৰী গৰাকীক নিজ বাসগৃহত লৈ গৈ মাৰপিট কৰি মুখ বন্ধ কৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ।
কিশোৰী গৰাকীৰ পৰীয়ালৰ লোকে ঘটনা সন্দৰ্ভত দাওভাঙি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছতে মীমাংসা কৰিবলৈ নাবালিকা কিশোৰী গৰাকীৰ দেউতাকক টকাৰে মেনেজ কৰিবলৈ উঠি-পৰি লাগিছে গাও খনৰ একাংশ গাওঁৰ মুখিয়ালে।
ঘটনা সন্দৰ্ভত লম্পট যুৱক ইছমাইল , ভাতৃ ক্ৰমে আশ্ৰাফুল হক ইশ্ৰামূল হক মোমায়েক আক্তাৰ আলীৰ নামত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। গৌৰীপুৰ আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰি কিশোৰী গৰাকীক মাৰপিট কৰি ভাষ্য সলনি কৰাৰ অভিযোগ উত্থাপিত হৈছে। কিশোৰী গৰাকীৰ পৰিয়ালে আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰি তদন্তকাৰী বিষয়া সলনি কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে