মোগলৰ মানসিকতাৰে অসমত চৰকাৰ চলাইছে বিজেপিয়ে: সাংসদ গৌৰৱ গগৈ

শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ ঔগুৰিত আৰম্ভ হৈছে কলিয়াবৰ ভানু সমিতিৰ সোণালী জয়ন্তী উৎসৱ ।
মোগলৰ মানসিকতাৰে অসমত চৰকাৰ চলাইছে বিজেপিয়ে: সাংসদ গৌৰৱ গগৈ

ডিজিটেল সংবাদ,কলিয়াবৰ: মোগলক কটাক্ষ কৰা বিজেপি দলে অসমত মোগলৰ মানসিকতা লৈ ৰাজ্যত শাসন চলাইছে । জিলা বিলুপ্তি কৰণ সম্পৰ্কত কলিয়াবৰৰ ভানু সমিতিৰ সোণালী জয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।

উল্লেখ্য যে, শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ ঔগুৰিত আৰম্ভ হৈছে কলিয়াবৰ ভানু সমিতিৰ সোণালী জয়ন্তী উৎসৱ । বর্ষযোৰা কাৰ্যসূচীৰে আৰম্ভ কৰা সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান হিচাপে তিনিদিনীয়া এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

সাংসদ পূঁজিৰে নিৰ্মিত ভানু সমিতিৰ সোণালী জয়ন্তী তোৰণ খনি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে অনুষ্ঠানিক ভাৱে উন্মোচন কৰি উৎসৱৰ শুভাৰম্ভ কৰে । তোৰণ উন্মোচনৰ পাছতে কলিয়াবৰৰ পঞ্চাশ গৰাকী বিশিষ্ট ব্যক্তিয়ে সোণালী জয়ন্তী উৎসৱৰ পঞ্চাশ খনি পতাকা উত্তোলন কৰে ।

সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ মঞ্চ ও আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সাংসদ গৌৰৱ গগৈয়ে । লগতে উদ্বোধনী ভাষনত গোৰ্খাসকলৰ এজন প্ৰতিনিধি হিচাপে সংসদৰ মজিয়াত মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে। উল্লেখ্য যে, ১৯৭২ চনত স্থাপিত কলিয়াবৰ ভানু সমিতিয়ে কলিয়াবৰৰ চুকে-কোণে বাস কৰা গোৰ্খাসকলৰ মাজত ঐক্য-সমন্বয় গঢ়ি অহাৰ লগতে সামাজিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

আৰু পঢ়ক: অসম-নগালেণ্ড সীমান্তত উত্তেজনা! মানুহ নাপাই জীৱ-জন্তুক হত্যা কৰি নগা দুৰ্বৃত্তৰ তাণ্ডৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in