/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-21-at-8.14.13-PM.jpeg)
ডিজিটেল সংবাদ, কলিয়াবৰ: নিবনুৱা সমস্যা বৃদ্ধিৰ বাবে নতুন প্ৰজন্মৰ একাংশ আলফামুখী হৈছে-
বৃহস্পতিবাৰে কলিয়াবৰত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে।
২০১৯-২০ বৰ্ষৰ এম পি এল এ ডি আঁচনিৰ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া প্ৰাক্তন সৈনিক সমিতিৰ সামূহিক ভৱন চৌহদৰ দেৱালয়ৰ আধাৰশিলা স্থাপন কৰি সাংসদ গৰাকীয়ে এই মন্তব্য কৰে । তেওঁ লগতে একাংশই হাতত অস্ত্ৰ তুলিলবলৈ " আলফা" ত যোগদান কৰা প্ৰসংগত কয় – অসমীয়া একাংশ যুৱকে হাতত বন্দুক ল'বলৈ আগবাঢ়িছে, যিটো ধাৰা কংগ্ৰেছৰ দিনত শেষ হৈছিল । তেওঁ আৰু কয়, অসম আৰক্ষীক বিজেপিৰ শাখা হিচাপে নহয় ,আৰক্ষীক আৰক্ষী হিচাপে থাকিবলৈ দিব লাগে বুলিও তেওঁ দোহাৰে।
আধাৰ শিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি দাৰিগজি স্থিত প্ৰাক্তন সৈনিক সকলৰ স্থায়ী সামুহিক ভৱনত অনুষ্ঠিত সভা খনিত কলিয়াবৰৰ প্ৰাক্তন সৈনিক সকলৰ লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্ত্তা সকলে অংশ লোৱা সভাখনিত সাংসদ গৰাকীয়ে কংগ্ৰেছ দল ত্যাগ কৰা কেইজনমান নেতাৰ সম্পৰ্কতো বিজেপি দলক আক্ৰমণ কৰি তেওঁ বক্তব্য আগবঢ়ায় কয় বিজেপিৰ ভিতৰতহে 'লবি' ৰাজনীতি আছে।
তেওঁ লগতে কয় পুৰণি বিজেপিসকলক দলৰ পৰা এলাগী কৰাৰ পৰিকল্পনা কৰাৰ বিপৰীতে পুৰণি কৰ্মীক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ন-বিজেপিসকল। ৰিপুণ বৰাৰ দলত্যাগ সম্পৰ্কতো তেওঁ কয় যে ৰিপুন বৰাই নতুন নেতৃত্ব সৃষ্টিৰ সুযোগ দিছে।
আৰু পঢ়ক: মোৰাঝাৰত অবৈধ বালি ভৰ্তি বলেৰ পিক আপ বাহন সহ তিনি জনক আটক