বটদ্ৰৱা থানা আক্ৰমণ, ১৭ দিন পিছত উপস্থিত সাংসদ গৌৰৱ গগৈ

বটদ্ৰৱা থানা আক্ৰমণ, ১৭ দিন পিছত উপস্থিত সাংসদ গৌৰৱ গগৈ

author-image
asomiyapratidin
New Update
বটদ্ৰৱা থানা আক্ৰমণ, ১৭ দিন পিছত উপস্থিত সাংসদ গৌৰৱ গগৈ

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱা থানা আক্ৰমণ ঘটনাৰ আজি ১৭ দিনৰ পাছত বটদ্ৰৱা আৰক্ষী থানাত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাক লগত লৈ কলিয়াবৰ লোক সভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে পোনে পোনে দুষ্কৃতিকাৰীয়ে জ্বলাই চাৰখাৰ কৰা পুৰনি থান পৰিদৰ্শন কৰে।

Advertisment

পাছত নৱনিৰ্মিত থানাত উপষ্ঠিত হৈ নিৰ্মাণকাৰ্য্যৰ বুজ লয়। পাছত সাংবাদিকক সম্বোধন কৰি সাংসদগৰাকীয়ে থানা আক্ৰমণত কি কি ক্ষতি হল আৰু নৱনিৰ্মান হৈ থকা কামৰ বুজ লোৱাৰ কথা প্ৰকাশ কৰাৰ লগতে কয় যে, এদল জনতাই আহি এনেকৈ এখন থানা আক্ৰমণ কৰিছে, ই দুৰ্ভাগ্যজনক।

অসমত ১৫ বছৰ আমাৰো চৰকাৰ আছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত আমাৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত এনে ঘটনা সংঘটিত হোৱা নাছিল। সচাকৈ দুৰ্ভাগ্যজনক, এনেকুৱা এটা পৰিবেশ আমি সেই সময়ত দেখা নাছিলো। পৰবৰ্তী সময়ত আমি উচ্চেদ চলোৱা ঘৰ সমূহলৈ যাম আৰু লোকে সকলৰ লগত কথা পাতিম। বুলি মন্তব্য কৰে।

আৰু পঢ়ক: আজাদী কা অমৃত মহোৎসৱ: ধ্বংস কৰা হ'ব ৪২,০০০ কিলো. নিচাজাতীয় সামগ্ৰী…

assam batadrava