গৰু চোৰাং বেহা,মাটিৰ কেলেংকাৰী সকলোতে বিজেপি জড়িত: গৌৰৱ গগৈ

গৰু চোৰাং বেহা,মাটিৰ কেলেংকাৰী সকলোতে বিজেপি জড়িত: গৌৰৱ গগৈ

author-image
asomiyapratidin
New Update
গৰু চোৰাং বেহা,মাটিৰ কেলেংকাৰী সকলোতে বিজেপি জড়িত: গৌৰৱ গগৈ

ডিজিটেল সংবাদ , নগাঁও : "বিজেপি চিণ্ডিকেটত জড়িত ৷ মাটিৰ কেলেংকাৰীত বিজেপি জড়িত ৷ গৰু চোৰাং বেহাত বিজেপি জড়িত আছে ৷ সেই খিনিক তেওঁলোকে নধৰে ৷ ধৰিছে গুজৰাটত গৈ কংগ্ৰছৰ বিধায়ক জিগনেশ মেৱানীক ৷ এই ঘটনাক গৰিহনা দিছো"- এই মন্তব্য কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈৰ ৷

Advertisment

বৃহস্পতিবাৰে নগাঁৱত সাংসদ গগৈয়ে বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ কয় যে ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপিক কেপচাৰ কৰি ৰাখিছে ৷ জেষ্ঠ বিজেপি সকল অসন্তুষ্ট ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুন গগৈৰ প্ৰসঙ্গ আনি সাংসদ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী তৰুন গগৈয়ে অসমৰ সকলোৰে বুকুৰ মাজত সোমাই কাম কৰিছিল ৷ প্ৰয়াত তৰুণ গগৈৰ কোনো ভোট বেংক নাছিল ৷ কামৰ জৰিয়তে বৰ অসম গঢ়িছিল ৷ তেখেতে দেখুৱাই যোৱা পথেৰে আমি যাব বিছাৰো ৷

এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলক আক্ৰমনৰ লক্ষ্য কৰি সাংসদ গগৈয়ে কয় যে বিজেপি-এ আই ইউ ডিএফৰ গোপন মিত্ৰতা আছে ৷ ব্যৱসায়, ব্যক্তিগত স্বাৰ্থত বিজেপিৰে মিতিৰালি কৰি আছে ৷ এই দলটোয়ে কি বিজেপিৰে যুঁজিব ৷ তেওঁলোকে মুখ্যমন্ত্ৰীৰ নাম ল'বলৈকে ভয় কৰে ৷

ইফালে ৰূপহীহাট বিধান সভাৰ বিধায়ক নুৰুল হুদাই নগাঁৱত কংগ্ৰেছ দল শক্তিহীন হোৱা বুলি অকপট স্বীকাৰোক্তি দিয়ে ৷ বিধায়ক হুদাই কয় যে সঁচা অৰ্থত কংগ্ৰেছ শক্তিহীন হৈছে ৷ সেই বুলি কংগ্ৰেছ নাইকীয়া হৈ নাযায় ৷ নতুনৰ আগমনে কংগ্ৰেছ জাকত জিলিকা হৈ উঠিব ৷ ৰিপুন বৰাৰ তৃণমূলত যোগদানে কংগ্ৰেছক ক্ষতি নকৰে বুলি উল্লেখ কৰি বিধায়ক নুৰুল হুদাই কয় যে খালী স্থান নতুনে পূৰণ কৰিব ৷

আৰু পঢ়ক: নগাঁও জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে সুৰেশ বৰাই

assam nagaon congress