/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/7cd28cf5-c0f2-4773-8775-e20eb984ffd2/GU_election.jpg)
ডিজিটেল ডেস্ক : ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিৰ্বাচনৰ ফলাফল। যোৱা ১৯ অক্টোবৰত হৈছিল ভোটদান প্ৰক্ৰিয়া। ১০টা পদৰ বাবে ২২ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছিল প্ৰাৰ্থীত্ব। পুৱা ১০ বজাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিউ একাডেমীক বিল্ডিঙৰ দ্বিতীয় মহলাত আৰম্ভ হয় ভোট গণনা প্ৰক্ৰিয়া।
প্ৰায় ৩৯৮০ শিক্ষাৰ্থীৰ বিপৰীতে ২৩২০ গৰাকী শিক্ষাৰ্থীয়ে নিৰ্বাচনত ভোটদান সাব্যস্ত কৰিছিল। বহু উৎকণ্ঠাৰে বাট চাই ৰোৱা এই নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল। ২০২২-২৩ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰে পুণ্যব্ৰত দত্তই।
সভাপতি পদৰত জয়লাভ কৰে কাশ্যপ কল্যাণ গগৈয়ে। উপ-সভাপতিৰ পদত নিৰঞ্জন বৰা, সহকাৰী সাধাৰণ সম্পাদকৰ পদত দালবীৰ সিঙে জয় লাভ কৰে। আনহাতে সংগীত সম্পাদকৰ পদটো বৰ্তমান স্থগিত ৰখা হৈছে। কাৰণ সংগীত সম্পাদকৰ পদৰ প্ৰাৰ্থীৰ ভোটৰ সংখ্যা সমান হোৱাৰ বাবে এই পদটো বৰ্তমান স্থগিত ৰখা হৈছে। সাহিত্য সম্পাদকৰ পদত সৌৰভ দেউৰীয়ে জয়লাভ কৰে।
আনহাতে, লঘু ক্ৰীড়া প্ৰতিযোগিতাত মনজিল শইকীয়া, ছাত্ৰী জিৰণিকোঠা সম্পাদিকাৰ পদত মৌচুমী ওজা, সমাজ সেৱা সম্পাদকৰ পদত ফৌজেইল আহমেদে জয়লাভ কৰে। আনহাতে, শৰীৰচৰ্চা বিভাগৰ সম্পাদকৰ পদত প্ৰভু বড়ো, ক্ৰীড়া সম্পাদকৰ পদত হাবেল বড়ো আৰু গুৰু ক্ৰীড়া সম্পাদকৰ পদত বিশ্বজিত দৈমাৰীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে।