গুৱাহাটী বিশ্ববিদ্যালয়লৈ সন্মানীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ আৰ্থিক অনুদান

গুৱাহাটী বিশ্ববিদ্যালয়লৈ সন্মানীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ আৰ্থিক অনুদান

ডিজিটেল ডেস্ক : নতুন বছৰটোৰ প্ৰথমটো মাহতেই সুখবৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে । ডি এচ টি পাৰ্চ অৰ্থাৎ (Department of Science and Technology, Promotion of University Research and Scientific Excellence ) ৰ তৰফৰ পৰা বিশ্ববিদ্যালয়খনত "বহনক্ষম বিকাশৰ বাবে প্ৰাকৃতিক সম্পদ আৰু উন্নত সামগ্ৰীৰ ব্যৱহাৰৰ বাবে বহুমুখী দৃষ্টিভংগী"ৰ বাবে আগবঢ়োৱা হৈছে ১৩ কোটি টকাৰ আৰ্থিক অনুদান । এই সন্মান আগবঢ়োৱা হৈছে বিশ্ববিদ্যালয়খনৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উপৰোক্ত বিষয়টিত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ।

এই অনুদানৰ মূল লক্ষ্য হ'ল বিশ্ববিদ্যালয়খনৰ গৱেষণাৰ পৰিৱেশ উন্নত কৰাৰ লগতে বৈজ্ঞানিক উন্নতিৰ বাবে বিদ্যমান গৱেষণ্ৰ আন্তঃগাঁথনিক সমৰ্থন কৰা । এই সুবিধাৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ে পৰিৱেশ বিজ্ঞান, শক্তি সংকট আৰু স্বাস্থ্যখণ্ডৰ সৈতে জড়িত থলুৱা আৰু গোলকীয় সমস্যাসমূহৰ ওপৰত গৱেষণাৰ এক সুস্থ মঞ্চ তৈয়াৰ কৰাৰ লক্ষ্য ৰাখিছে আগন্তুক সময়ছোৱাত ।

ইয়াৰ ওপৰিও উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ প্ৰাকৃতিক সম্পদ, জৈৱ অৱশিষ্ট আৰু অৱশেষক বিভিন্ন কাৰ্য্যত ব্যৱহাৰ কৰিবলৈও বদ্ধপৰিপক্কৰ বিশ্ববিদ্যালয়খন ।ই পৰৱৰ্তী সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক ক্ষেত্ৰখনতো সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিছে বিশ্ববিদ্যালয়খনে, যি হয়তো আগন্তুক সময়ছোৱাত এই সমগ্ৰ অঞ্চলটোকে সমগ্ৰ বিশ্বত এক বিশেষ স্থানত অৱতীৰ্ণ কৰাব ।

গৱেষণাৰ সময়ছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ জীৱন প্ৰণালী আৰু ইয়াৰ মানদণ্ড উন্নত কৰাৰ বাবেও কাৰ্য্যপ্ৰণালী প্ৰস্তুত কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

ইয়াৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত এটি আন্ত:শাখা গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গৰাকীয়ে । এই কেন্দ্ৰই বিভিন্ন শাখা আৰু ক্ষেত্ৰৰ গৱেষণা সমূহ ভৱিষ্যতলৈ একেখন মঞ্চতে উপলব্ধ কৰি সহযোগ কৰাৰ বাবেও আশাবাদী পঞ্জীয়ক গৰাকী ।

উল্লেখ্য যে, এই সকলো সুবিধাৰ সমান্তৰালকৈয়ে কেন্দ্ৰটিত গৱেষণাৰ বাবে অত্যাধুনিক সুবিধা উপলব্ধ কৰোৱাৰ ওপৰিও গৱেষক আৰু টেকনিছিয়ান সকলৰ বাবে উন্নত মানদণ্ডৰ প্ৰশিক্ষণ আৰু নিযুক্তিৰ সুবিধাও প্ৰদান কৰিব কেন্দ্ৰটোৱে । কেৱল এয়াই নহয় বৰং আগন্তুক সময়ছোৱাত নতুন উদ্যোগ গঢ়াৰ ওপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ আন লোকসকলকো সংস্থাপনৰ বাবেও সহায়ক হ'ব এই কেন্দ্ৰ ।

স্মৰ্তব্য যে, হ্ৰস্বম্যাদী ফেল'শ্বিপৰ জৰিয়তে নৱ প্ৰজন্মৰ শিক্ষাৰ্থী সকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সমাজ আৰু পৰিৱেশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ পৰিকল্পনা হাতত লৈছে আন্ত:শাখা গৱেষণা কেন্দ্ৰটিয়ে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in