গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ সান্মাসিকৰ ফলাফল সন্দৰ্ভত সংবাদ বিজ্ঞপ্তি...

পুনৰ্মূল্যায়নৰ পাছতো অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ সান্মাসিকৰ ফলাফল সন্দৰ্ভত সংবাদ বিজ্ঞপ্তি...


ডিজিটেল ডেস্ক : ৫ ছেপ্তেম্বৰ, ২০২২ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ পঞ্চম আৰু ষষ্ঠ সান্মাসিকৰ ফলাফলৰ বাবে সৃষ্টি হোৱা খেলি মেলি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে সংবাদ বিজ্ঞপ্তি। উত্তৰ বহী পুনৰ্মূল্যায়নৰ ফলাফলক লৈ অসন্তুষ্ট এচাম শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয় কতৃপক্ষক নায্যতাহীন অনুৰোধ কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে ব্যাঘাত জন্মিছে কতৃপক্ষৰ কাম-কাজত।

Advertisment

নিয়ম অনুসৰি উত্তৰ বহী পুনৰ্মূল্যায়নৰ পাছতো অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব লাগে পৰীক্ষাত। এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে বিশ্ববিদ্যালয় কতৃপক্ষই। অৰ্থাৎ পুনৰ্মূল্যায়নৰ পাছতো অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলক পুনৰাই অৱতীৰ্ণ হ'ব লাগিব আগন্তুক পৰীক্ষাত।

ইয়াৰ উপৰিও, ছাত্ৰ-ছাত্ৰী সকলৰ এই সন্দৰ্ভত থকা বিভ্ৰান্তি দূৰ কৰিবলৈ সাধাৰণ স্নাতক মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলক ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা লগতে ভৱিষ্যতে কোনো নায্যতাহীন অনুৰোধৰ সৈতে শিক্ষাৰ্থীসকল যাতে বিশ্ব বিদ্যালয়লৈ আহিব লগীয়া নহয় সেইয়াও সুনিশ্চিত কৰিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে, পুনৰ্মূল্যায়িত উত্তৰবহীৰ প্ৰতিলিপিসমূহ শিক্ষাৰ্থীসকলক দেখুৱাবলৈ অহা ১২ ছেপ্তেম্বৰলৈ সময়সীমা বান্ধি দিছে বিশ্ববিদ্যালয় খনে।

assam gauhati university