/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/dd5794ba-dcd3-4a98-9270-9b5c60c2867e/gowalpara_07.jpg)
ডিজিটেল ডেস্কঃ বনাঞ্চল দখল কৰি মানুহৰ বসতি স্থাপনৰ বাবেই বৃদ্ধি পাইছে বন্য প্ৰাণী আৰু মানুহৰ মাজৰ সংঘাত। এনে সংঘাতৰ বাবেই প্ৰাণ গৈছে বহু মানুহৰ লগতে নিৰীহ প্ৰাণীৰ। বিশেষকৈ বিগত দিন কেইটাত হাতী-মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ। প্ৰায় প্ৰতিদিনেই খাদ্যৰ বাবে বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহা হাতীৰ আক্ৰমণত ধ্বংস হৈছে মানুহৰ ঘৰ-দুৱাৰ, অনিষ্ট হৈছে খেতি-পথাৰ তথা বহু লোকে হেৰুৱাইছে প্ৰাণ।
হাতী মানুহৰ এনে এক সংঘৰ্ষপূৰ্ণ জিলাৰ গোৱালপাৰা। জিলাখনত প্ৰায়েই সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘতা। এই সংঘাতৰ মূলতে জিলাখনৰ বনাঞ্চল ধ্বংস কৰি মানুহে বসতি স্থাপন কৰা কাৰ্যকেই আঙুলিওৱা হৈছে। সেয়েহে জিলাখনত হাতী-মানুহৰ এই সংঘাত দূৰ কৰিবলৈ বনাঞ্চল অবৈধ ভাৱে দখল কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা আৱেদন দাখিল কৰিছিল গোৱালপাৰা জিলাৰে এজন যুৱকে। প্ৰণ
জিলাখনৰ প্ৰণৱজ্যোতি শৰ্মা নামৰ যুৱকজনে এই সন্দৰ্ভত দাখিল কৰা আৱেদনৰ ভিত্তিতেই মঙ্গলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে। এই শুনানিৰ অন্তত ন্যায়ালয়ে গোৱালপাৰাৰ বনাঞ্চল বেদখল মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে। উল্লেখ্য যে প্ৰণৱজ্যোতি বনাঞ্চল বেদখলকাৰীয়ে হাতী হত্যা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৱেদনখনত।
গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙ্গলবাৰে গ্ৰহণ কৰা শুনানিত আগন্তুক ৩ মাহৰ ভিতৰত জিলাখনৰ বনাঞ্চল সন্দৰ্ভত জৰীপ কৰাৰ নিৰ্দেশ দিছে। উক্ত জৰীপৰ পিছতেই উচ্ছেদ কৰিব লাগিব বেদখলকাৰীসকলক। ইয়াৰ উপৰিও এই উচ্ছেদ নীৰিক্ষণৰ বাবে টাস্ক ফ’ৰ্চ গঠনৰো নিৰ্দেশ প্ৰদান কৰা হৈছে। এই টাস্ক ফ'ৰ্চে হাতীৰ মৃত্যুৰ দিশটোও পৰ্যবেক্ষণ কৰিব।