গোৱালপাৰাৰ বনাঞ্চল বেদখলমুক্ত কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গোৱালপাৰাৰ বনাঞ্চল বেদখলমুক্ত কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৩ মাহৰ ভিতৰত জিলাখনৰ বনাঞ্চল সন্দৰ্ভত জৰীপ কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

author-image
Asomiya Pratidin
New Update
চিকিৎ‍সা শিক্ষাত OBC আৰু MOBC শিক্ষাৰ্থীৰ নামভৰ্তিত স্থগিতাদেশ গুঃ উচ্চ ন্যায়ালয়ৰ

gauhati high court

ডিজিটেল ডেস্ক: গোৱালপাৰাৰ বনাঞ্চল বেদখলমুক্ত কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ৩ মাহৰ ভিতৰত জিলাখনৰ বনাঞ্চল সন্দৰ্ভত জৰীপ কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

Advertisment

এই জৰীপৰ পিছতেই উচ্ছেদ কৰিব লাগিব বেদখলকাৰীক। উচ্ছেদ নীৰিক্ষণৰ বাবে টাস্ক ফ’ৰ্চ গঠনৰো নিৰ্দেশো প্ৰদান কৰিছে।

জানিব পৰা মতে প্রণৱজ্যোতি শৰ্মা নামৰ এজন যুৱকৰ আবেদনৰ ভিত্তিত গোচৰ ৰুজু হৈছিল। সন্দেহযুক্ত নাগৰিকে বনাঞ্চল বেদখলৰ অভিযোগত দিছিল গোচৰ।

বনাঞ্চল বেদখলৰ কৰাৰ বাবেই জনাঞ্চললৈ আহে বন্যহস্তী। বহু বনৰীয়া হাতী হত্যা কৰাৰো অভিযোগ আনিছিল যুৱকজনে।

আবেদনৰ শুনানী গ্রহণ কৰিয়েই মঙলবাৰে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ। টাস্ক ফ’ৰ্চে হাতীৰ মৃত্যুৰ বিষয়টোও নিৰীক্ষণ কৰিব।

goalpara gauhati high court assam