অহংকাৰে পতনৰ মূল, এইখন চৰকাৰৰ অহংকাৰ হৈছে তাৰ বাবে পতন নিশ্চিত : গৌৰৱ গগৈ

অহংকাৰে পতনৰ মূল, এইখন চৰকাৰৰ অহংকাৰ হৈছে তাৰ বাবে পতন নিশ্চিত : গৌৰৱ গগৈ

author-image
Asomiya Pratidin
New Update
অহংকাৰে পতনৰ মূল, এইখন চৰকাৰৰ অহংকাৰ হৈছে তাৰ বাবে পতন নিশ্চিত : গৌৰৱ গগৈ

User

ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ উপ-নিৰ্বাচনক লৈ বুধবাৰে এখন বৈঠকত মিলিত হয় সাংসদ গৌৰৱ গগৈ ৷ বৈঠকৰ পূৰ্বে লোকসভাৰ উপ দলপতি তথা সাংসদ গৌৰৱ গগৈক বিশ্বনাথৰ ক্লক টাৱাৰ সন্মুখৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠী নৃত্যৰে আদৰি অনা হয়।

Advertisment

বিশ্বনাথৰ জিলা কংগ্ৰেছ কাৰ্যালয় তথা ৰাজীৱ ভৱনত সাংগঠনিক সভাত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে। উক্ত সভাত গৌৰৱ গগৈয়ে কয় যে স্মাৰ্টমিটাৰে হওঁক, চৰকাৰী বিদ্যালয় বন্ধ কৰাই হওঁক এই গোটেইবোৰ মূল কাৰণ হিমন্ত বিশ্ব শৰ্মা।

গৌৰৱ গগৈয়ে লগতে কয়- অহংকাৰ বাবে পৰাজয় হৈছিল ৰাৱণৰ। অহংকাৰ হ’লে পতন হ'বই ৷ এইখন চৰকাৰৰ অহংকাৰ হৈছে, গতিকে পতন হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৷

Also Read: পুৰণিক আদৰ! দুকুৰিৰো অধিক কাল দলক দিয়া নেতাক বিজেপিৰ টিকট...

congress gaurav gogi