/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
ডিজিটেল ডেস্ক: উত্তৰ গাৰো পাহাৰৰ দৈনাডুবি আৰক্ষী থানাৰ অন্তৰ্গত ল'ৱাৰ নোগোলপাৰা গাঁৱৰ এগৰাকী গাৰো মহিলাক ৫ জুলাইৰ সন্ধিয়া অসমৰ গোৱালপাৰা জিলাৰ দুধনই আৰক্ষী থানাত কয়লা চুৰিৰ ঘটনাৰ সন্দৰ্ভত নিৰ্মমভাৱে অত্যাচাৰৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
গাৰো মহিলাগৰাকীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰত জড়িত থকা দুজন আৰক্ষী কৰ্মী – এছ আই বিষ্ণু বাহাদুৰ নিউয়াৰ আৰু মহিলা আৰক্ষী কনিষ্টবল মমতা যোশীক নিলম্বন কৰা হৈছে।
এই সন্দৰ্ভত গোৱালপাৰাৰ এগৰাকী আৰক্ষী বিষয়াই কয় যে এক ঘটনাৰ বিষয়ে আমাৰ ওচৰত তথ্য আহিছে য'ত কোৱা হৈছে যে এগৰাকী গাৰো মহিলাক আৰক্ষী থানাত মাৰধৰ কৰা হৈছে।আমি এই বিষয়টো গুৰুত্ব সহকাৰে লৈ দুই আৰক্ষী বিষয়াক নিলম্বনৰ সিদ্ধান্ত লৈছো। দুই আৰক্ষীৰ বিৰুদ্ধে 294/384/354/342/34 ips ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
ভুক্তভোগীয়ে দাখিল কৰা এখন এজাহাৰত তেওঁ কয়, "৪ জুলাইত দুধনৌ আৰক্ষী থানাৰ একাংশ আৰক্ষী কৰ্মীয়ে মোক আৰু মোৰ স্বামী চেংকাল আৰ মাৰাকক দুপৰীয়া প্ৰায় ২ বজাত ফোন কৰিছিল। মই মোৰ স্বামীৰ সৈতে তাত উপস্থিত হৈছিলো। তেওঁলোকে কয় যে ২৫ জুনত গোৱালপাৰাৰ ধ্ৰুবানন্দ চৌধুৰী নামৰ এজন ব্যক্তিয়ে আমাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি অভিযোগ কৰিছিল যে ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত তেওঁ ৯৫,০০০ টকা ২৯.৩০ টন কয়লা দিছিল, কিন্তু মোৰ স্বামীয়ে তেওঁক ধন আৰু কয়লা দিয়া নাই।"
এজাহাৰ অনুসৰি আৰক্ষীয়ে তেওঁলোকক অপশব্দ ব্যৱহাৰ কৰি কথা কৈছিল আৰু ২০ লাখ টকা দিয়াৰ বাবে কৈছিল। কিন্তু ইমান টকা দিব নোৱাৰাৰ বাবে মহিলা গৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অন্যহাতে কিছু নথি পত্ৰৰ তেওঁলোকৰ সন্মতি অবিহনে স্বাক্ষৰ লোৱাৰো অভিযোগ উত্থাপন কৰিছে।
তাৰ পাছতেই মহিলা গৰাকীৰ স্বামীয়ে টকা আনিবলৈ যায় কিন্তু ঘূৰি নহাত পুনৰ অত্যাচাৰ আৰম্ভ কৰে। মহিলা আৰক্ষী কনিষ্টবল আৰু আন আৰক্ষীয়ে লাঠি, কেবল তাঁৰ, হাত ব্যৱহাৰ কৰি তেওঁক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল আৰু লগতে তেওঁৰ নিৰ্যাতন কৰা বুলি অভিযোগ কৰা কৰিছিল। ইয়াৰ পাছতেই নিলম্বন কৰা হয় দুই আৰক্ষী বিষয়াক।
আৰু পঢ়ক: নতুন নিৰ্দেশনা, হ্ৰাস কৰিলে কভিডৰ দ্বিতীয় পালি ভেকচিন- বুষ্টাৰ ড'জৰ ব্যৱধান…