সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকা আৰু নাই…

সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকা আৰু নাই…

author-image
asomiyapratidin
New Update
সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকা আৰু নাই…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা আৰু নাই। ৮৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। সত্ৰীয়া আৰু ওডিছী নৃত্যৰ বিশাৰদ গৰিমা হাজৰিকাই দেশৰ বিভিন্ন স্তানত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিছিল।

হাজৰিকাই ৰচনা কৰিছিল কেইবাখনো নৃত্য-নাটিকা। তেওঁ ৰচনা কৰা 'চেতনা' নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছিল বিশেষ সমাদৰ। গুৱাহাটী মহানগৰীত গৰিমা হাজৰিকাই মিতালী কলাকেন্দ্ৰ স্থাপন কৰি সত্ৰীয়া আৰু ওডিছী নৃত্যৰ প্ৰশিক্ষণ প্ৰদা কৰি আহিছিল।

বিশিষ্ট নৃত্য পটিয়সী গৰাকী আছিল অসমীয়া ছবি জগতৰ এগৰাকী চিনাকী কলা নিৰ্দেশক তথা কৰিঅ'গ্ৰাফাৰ। সেন্দূৰকে ধৰি কেইবাখনো ছবিত তেওঁ কলা নিৰ্দেশনাৰ লগতে কৰিঅ'গ্ৰাফী কৰিছিল।

১৯৩৯ চনত গুৱাহাটীৰ উজানবজাৰ অঞ্চলত জন্মগ্ৰহণ কৰা গৰিমা হাজৰিকাই ২০০৬ চনত লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। ইয়াৰ উপৰিও তেওঁক অসম সাহিত্য সভা, অসম নাট্য সন্মিলনীয়ে তেওঁক প্ৰদান কৰিছিল বিশেষ সন্মান। অসমৰ ভ্ৰাম্যমাণ জগতৰ নৃত্য নাটিকাৰ ক্ষেত্ৰটো গৰিমা হাজৰিকাই আনিছিল আমূল পৰিৱৰ্তন।

assam guwahati Assam police