কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন গাঁওবুঢ়াৰ

নৱ প্ৰজন্মক খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাট দেখুৱাইছে তেওঁ
কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন গাঁওবুঢ়াৰ
কৃষিকাৰ্যৰে স্বাৱলম্বী হোৱাৰ নিদৰ্শন গাঁওবুঢ়াৰ

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ এজন গাঁও প্ৰধানৰ বিশেষ পদক্ষেপ। নিজৰ নৈতিক কাম কাজৰ লগতে অঞ্চলৰ নিবনুৱা সকলক দেখুৱাইছে উপাৰ্জনৰ বাট । নিজে কৃষিকাৰ্যত নিয়োজিত হৈ বিঘাই বিঘাই মাটিত কৰিছে এটাৰ পিছত আন এটা খেতি । কি নাই তেওৰ বাৰীত । লাও,মূলা বিভিন্ন শাক পাচলিৰ লগতে বহু বিঘা মাটি সামৰি কৰিছে সৰিয়হৰ খেতি ।

বৰ্তমান সৰিয়হৰ হালধীয়া আৱৰণে আকৰ্ষণ কৰিছে সকলোকে । কৃষিৰ পৰাই পৰিয়াল পোহপাল দিয়াৰ উপৰিও ভাল উপাৰ্জন কৰে তেওঁ । নৱ প্ৰজন্মক খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাট দেখুৱাইছে তেওঁ । সচা অৰ্থত এটা বৃহৎ অঞ্চল সামৰি গাঁও প্ৰধানৰ দৰে দায়িত্ব পালন কৰাৰ উপৰিও কৃষি কাৰ্যত নিয়োজিত হৈ উপাৰ্জনৰ পথ দেখুৱাই প্ৰকৃত গাওঁ প্ৰধানৰ ভূমিকা লোৱা পৰিলক্ষিত হৈছে ।

আৰু পঢ়কঃ গোলাঘাটৰ অভয়জানত লোমহৰ্ষক হত্যাকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in