চিদলী-চিৰাং বিধানসভা সমষ্টিত বিজেপিৰ গাঁও চলো অভিযান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাম আৰু জনসাধাৰণক হনুমানৰ সৈতে তুলনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ
চিদলী-চিৰাং বিধানসভা সমষ্টিত বিজেপিৰ গাঁও চলো অভিযান

ডিজিটেল সংবাদ, চিৰাংঃ 'ভাৰতৰ জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত আছে, আমি জনসাধাৰণৰ হৃদয়ত আছো, জনসাধাৰণৰ হৃদয়ত নৰেন্দ্ৰ মোদী আছে গতিকে ৰাম আৰু হনুমানৰ লগত যেনেকুৱা সম্পৰ্ক, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক তেনেকুৱা । গতিকে মোদী ডাঙৰীয়াই যিদৰে নিৰলস আৰু সমৰ্পিত ভাবে নিজে দেশৰ কাৰণে গোটেই জীৱনটো উৎসৰ্গিত কৰিছে, যিয়ে নেকি একেবাৰে দুখীয়া ঘৰৰ পৰা আহি পেলাই দুখীয়াৰ কল্যাণ সাধন কৰিছে , যাৰকাৰণে দেশৰ প্ৰতিগৰাকী হিন্দুয়ে হওঁক বা মুছলমানে হওঁক, খ্ৰীষ্টানেই হওঁক প্ৰতিগৰাকী দুখীয়াই অন্ততো এই দুখীয়াৰ কল্যাণ কৰা প্ৰধানমন্ত্ৰী জনক তেওঁলোক যদি বিবেকিক হয় প্ৰতিগৰাকী দুখীয়াই নিশ্চিত ভাবে ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰজোঁট নাইবা নৰেন্দ্ৰ মোদীক ভোট দিব'- বৃহস্পতিবাৰে বিজেপিৰ গাঁও চলো অভিযানৰ অংশ স্বৰূপে চিৰাং মণ্ডলৰ অন্তৰ্গত শাকাতিগাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

১৯ নং চিদলী-চিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত শাকাতিগাঁৱৰ ৰাজহুৱা লক্ষ্মী মন্দিৰ প্ৰাংগনত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ সময়ত অসমৰ গ্ৰামোন্নয়ন আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণ প্ৰসংগত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিমান উন্নতি হৈছে পূৰ্বে কোনো প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এনে ধৰণৰ উন্নতি হোৱা নাছিল। ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ সু-শাসনত অসম একৰ পৰা পাঁচ নম্বৰৰ ভিতৰত প্ৰতিষ্ঠা হ’বলৈ গৈ আছে । আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ পৰা ১২ জন নিৰ্বাচিত হ’ব । কোকৰাঝাৰ সমষ্টিৰ পৰা যদিহে নিৰ্বাচিত হ’ব পাৰে তেতিয়াহ’লে কাম-কাজ কৰিবলৈ সুবিধা হয় । সৰভোগ সমষ্টিত কংগ্ৰেছ চৰকাৰ থকা সময়ত নিজে বিজেপিৰ বিধায়ক হৈ থাকোঁতে কাম-কাজ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা পাইছিল । তেতিয়া চৰকাৰক আবেদন-নিবেদন কৰিবলৈও অসুবিধাৰ সৃষ্টি হৈছিল যদিও যেতিয়া নিজৰ চৰকাৰ হৈছিল সমষ্টিটোৰ প্ৰায় সকলো কাম সমাধা কৰিবলৈ সক্ষম হোৱাৰ কথা কয় ।

চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়ে বিশেষকৈ শাকাতি গাঁও খনৰ অভাৱ-অভিযোগ সমূহ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক অৱগত কৰা বুলি উল্লেখ কৰি সমস্যা সমূহ দুয়োজনে লগ হৈ সমাধান কৰিব বুলি ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে । ১৮৬ বুঠ কমিটিৰ সভাপতি দিবাকৰ ৰায়, ভাটিপাৰা গাঁৱৰ গাওঁবুঢ়া মেঘনাথ ৰায়, ছাত্ৰ নেতা ৰহেন ৰায় আৰু গাঁৱৰ মহিলা নেত্ৰী লীলাৱতী ৰায়ে গাঁৱৰ সমস্যা সমূহ দাঙি ধৰি সমাধান কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানটিত চিৰাং ব্লক সভাপতি অলক বসুমতাৰী, বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন চন্দ্ৰ মণ্ডল আদি অনুষ্ঠানটিত উপস্থিত থাকে ।

চিদলী-চিৰাং বিধানসভা সমষ্টিত বিজেপিৰ গাঁও চলো অভিযান
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসমৰ পুথিচিত্ৰ শিল্পী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in