গোলাঘাটত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় সংখ্যক গণিত মেলা

গোলাঘাটত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় সংখ্যক গণিত মেলা

ডিজিটেল সংবাদ,গোলাঘাট: গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অসম গণিত শিক্ষায়তনৰ ৩৭ সংখ্যক বাৰ্ষিক অধিবেশন আৰু অসম গণিত শিক্ষায়তন গোলাঘাট শাখাৰ উদ্যোগত দ্বিতীয় সংখ্যক গণিত মেলা অনুষ্ঠিত হৈছে । ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ উৎকৰ্ষ সাধন আৰু গণিত বিষয়টো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মনোগ্ৰাহী কৰি তোলাৰ লক্ষ্যৰে এই গণিত মেলাৰ আয়োজন কৰা হৈছে । শনিবাৰে পুৱা পতাকা উত্তোলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় ।

এই গণিত মেলাত অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন বিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি গণিতৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে ।

কাৰ্যসূচী অনুসৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গণিতৰ আৰ্হি প্ৰদৰ্শন , গণিতৰ আৰ্হিৰ প্ৰতিযোগিতা , গণিত দৌৰ, গণিত বিষয়ক কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । ছাত্ৰ-ছাত্ৰীসকলেও সুন্দৰ সুন্দৰ গণিতৰ আৰ্হি প্ৰস্তুত কৰি তাক প্ৰদৰ্শন কৰি সমল ব্যক্তিসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

গোলাঘাটত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় সংখ্যক গণিত মেলা
ব্যস্ত প্ৰধানমন্ত্ৰীয়ে কেতিয়া শুনিব মণিপুৰ, মল্লযুঁজাৰু সকলৰ আৰ্তনাদ ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in