মথুৰাপুৰৰ বিভিন্ন স্থানত উলহ মালহেৰে গনেশ চতুৰ্থী পালন…

মথুৰাপুৰৰ বিভিন্ন স্থানত উলহ মালহেৰে গনেশ চতুৰ্থী পালন…

author-image
asomiyapratidin
New Update
মথুৰাপুৰৰ বিভিন্ন স্থানত উলহ মালহেৰে গনেশ চতুৰ্থী পালন…

ডিজিটেল সংবাদ,মথুৰাপুৰঃ সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গনেশ চতুৰ্থী। সমান্তৰালভাৱে চৰাইদেউ জিলাৰ মথুৰাপুৰ বিভিন্ন স্থানত পালিত হৈছে গনেশ চতুৰ্থী ৷ এই উপলক্ষে অঞ্চলটোৰ গনেশ মন্দিৰ লগতে পূজা মণ্ডপ সমূহত উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ইফালে প্ৰতি বছৰৰ দৰে এইবাৰো মথুৰাপুৰ চাহ বাগিচাৰ স্থায়ী পূজা মণ্ডপত স্থানীয় যুৱ সমাজৰ উদ্যোগত পৰম্পৰাগত ভাৱে দুদিনীয়া কাৰ্যসূচীৰে এই পূজা অনুষ্ঠিত কৰিছে ৷ পুৱা বিভিন্ন স্থানৰ পৰা ভক্তৰ উপস্থিতি ধৰ্মীয় ৰীতি-নীতি মাজৰে পালিত হৈ সিদ্ধিদাতা গণেশৰ পূজা-অৰ্চনা ৷

Advertisment

আনহাতে মথুৰাপুৰ লাচিতনগৰত থকা গনেশ মন্দিৰতো ভক্তসকলে ধূপ চাকি নৈবদ্য আগবঢ়াই গনেশ চতুৰ্থীৰ পালন কৰা পৰিলক্ষিত হয় ৷

আৰু পঢ়ক : নগাঁৱতো হেৰাল কংগ্ৰেছী নেতা…

assam ganesh puja mathurapur