বুধবাৰে গণেশ চতুৰ্থী…

বুধবাৰে গণেশ চতুৰ্থী…

author-image
asomiyapratidin
New Update
বুধবাৰে গণেশ চতুৰ্থী…

ডিজিটেল ডেস্ক : বুধবাৰে অৰ্থাৎ কাইলৈ গণেশ চতুৰ্থী। দেশজুৰি ব্যাপক প্ৰস্তুতি। গণেশ চতুৰ্থীৰ বাবে সজাই তোলা হৈছে মন্দিৰসমূহো। আনাহতে খনিকৰসকলৰো বাঢ়িছে ব্যস্ততা। কিয়নো আজি শেষ পৰশ দিব গণেশ বাবাৰ মূৰ্তিত।

এই গণেশ চতুৰ্থীৰ পৰাই আৰম্ভ হয় উৎসৱৰ আৰম্ভণি হয়। প্ৰথমে গণেশ পূজা অনুষ্ঠিত হোৱাৰ পাছত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। গণেশ পূজাৰ পাছত বাকী পূজাসমূহ যেনে – বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, কালী পূজা।

শুক্লা চতুৰ্থী তিথিৰ পৰা আৰম্ভ হৈ চতুৰ্দশী তিথিত শেষ হয় এই গণেশ চতুৰ্থী। এইবাৰ গণেশ চতুৰ্থীৰ উপৱাস ৩১ আগষ্টত আৰম্ভ হ'ব আৰু ৯ ছেপ্টেম্বৰত শেষ হ'ব।

assam india ganesh puja festival