গনেশ চতুৰ্থী উপলক্ষে নিশাৰে পৰাই উলহ মালহৰ পৰিৱেশ সমগ্ৰ ৰাজ্যত…

গনেশ চতুৰ্থী উপলক্ষে নিশাৰে পৰাই উলহ মালহৰ পৰিৱেশ সমগ্ৰ ৰাজ্যত…

author-image
asomiyapratidin
New Update
গনেশ চতুৰ্থী উপলক্ষে নিশাৰে পৰাই উলহ মালহৰ পৰিৱেশ সমগ্ৰ ৰাজ্যত…

ডিজিটেল ডেস্ক : অসমৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত নিশাৰে পৰাই পৰিলক্ষিত হ'ল ভক্তগণৰ লানি নিছিগা শাৰী । তাৰ উপৰিও বহুতৰ বাসগৃহত দেখা গ'ল ব্যক্তিগত বন্দনা | লামডিঙত যোৱাটো নিশাৰ পৰাই দেখা গ'ল উলহ-মালহৰ পৰিৱেশ । গণেশৰ প্ৰতিমাৰে উপচি পৰিল ৰাজ্যখন । অসমৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটীও নহ'ল ইয়াৰ ব্যতিক্ৰম । গণেশগুৰি, লতাশিল খেলপথাৰৰ সমুখৰ আৰু নিউ গুৱাহাটীৰ গণেশ মন্দিৰ তিনিটিত ভগৱান গৰাকীৰ প্ৰিয় খাদ্যৰ সৈতে দেখা হ'ল অজস্ৰ লোকক ।

Advertisment

উল্লেখ্য যে, গনেশ চতুৰ্থী বুলি ক'লেই মনলৈ অহা মহাৰাষ্ট্ৰটো এইবাৰ চৰকাৰে ২০২০ চনৰ পাছত প্ৰথম বাৰলৈ বাতিল কৰিছে কভিডৰ নিষেধাজ্ঞাসমূহ যাৰ ফলত অতি আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ ।

আৰু পঢ়ক : প্ৰায় ১ হাজাৰ লোকৰ মৃত্য, ৩০ নিযুত গৃহহীন ! বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পাকিস্তানৰ সহায় ভিক্ষা

assam ganesh puja guwahati