মঙলদৈত গান্ধী জয়ন্তী পালন

মঙলদৈত গান্ধী জয়ন্তী পালন

ডিজিটেল সংবাদ, মঙলদৈঃ ২ অক্টোবৰত জাতিৰ পিতা-মহামানৱ মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই সমগ্ৰ দেশজুৰি পালন কৰা হৈছে গান্ধী জয়ন্তী। সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত গান্ধী জয়ন্তী পালন কৰা হৈছে।

মঙলদৈতো বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হৈছে গান্ধী জয়ন্তী। আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্য প্ৰদান মঙলদৈৰ স্থানীয় গান্ধী ধামত মহামানৱ মহাত্মা গান্ধীৰ বেদীত পুষ্পাঞ্জলী অৰ্পণ কৰে সাংসদ দিলীপ শইকীয়া, জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী লগতে বিশিষ্ট ব্যক্তি সকলে।

ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ মাজত গান্ধী জয়ন্তী উপলক্ষে চিত্ৰাঙ্কন প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আদি অনুষ্ঠিত হয়। উল্লেখ্য যে,গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত ১ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত সমগ্ৰ দেশতে 'স্বচ্চতাহি সেৱা' শীৰ্ষক কাৰ্য্যসূচী পালন কৰা হৈছিল।

মঙলদৈত গান্ধী জয়ন্তী পালন
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ'ব 'অমৃত বন'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in