![মানুহৰ সুখ, দুখৰ কথা গীতেৰে কোৱা ''বাটৰুৱা শিল্পী'' গৰাকীও গ'লগৈ...](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/21/6Q21bjsrXA2V8nCa9OA3.jpg)
মানুহৰ সুখ, দুখৰ কথা গীতেৰে কোৱা ''বাটৰুৱা শিল্পী'' গৰাকীও গ'লগৈ...
ডিজিটেল ডেস্কঃ 'গণশিল্পী' সূৰ্য দাস আৰু নাই। অসমীয়া সংগীত জগতৰ বিশিষ্ট শিল্পীগৰাকীয়ে আজি জীৱন নাটৰ মেলানি মাগে। যোৱা চাৰিদিন ধৰি মৰিগাঁৱৰ ধৰমতুলত থকা শিল্পীগৰাকী আজি পুৱাই স্নানাগাৰত পিছল খাই পৰি অচেতন হৈ পৰিছিল।
জানিব পৰা মতে ষ্ট্ৰোকত আক্ৰান্ত হৈছিল তেওঁ। তাৰ পিছতেই তেওঁক ততাতৈয়াকৈ মৰিগাওঁ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
গণশিল্পী হিচাপে অভিধা লাভ কৰা সূৰ্য দাসে জীৱন কালত বহু বঁটা, সন্মানেৰে বিভূষিত হৈছিল। তেওঁ লাভ কৰিছিল অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা শিল্লী বঁটা, কৰম সিং জনমভূমি বঁটা, সুৰৰত্ন যজ্ঞ বেজবৰুৱা স্মৃতি বঁটা, সংগীত-প্ৰদীপ উপাধিৰ লগতে ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ বঁটাৰ দ্বাৰাও সন্মানিত হৈছিল।
তোৰোপৰি বিভিন্ন সময়ত তেওঁ অসমৰ বিভিন্ন ৰাজহুৱা সংস্থা, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানৰ দ্বাৰাও সন্মানিত হৈছিল।
''মানুহ দেখিছো আজি বহুত মানুহ'' গীতৰ স্ৰষ্টা প্ৰখ্যাত শিল্পীগৰাকীৰ বলিষ্ঠ কণ্ঠৰ সামাজিক বাৰ্তাবাহক গীতবোৰে আশীৰ দশকত অসমৰ আকাশ-বতাহ কঁপাই তুলিছিল। সমাজ জীৱনত আজিও প্ৰাসংগিক হৈ আছে তেওঁৰ গীতবোৰ।
জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ সূৰ্য দাস আছিল অসম আৰু অসমীয়াক অন্তৰেৰে ভাল পোৱা এজন শিল্পী। গণশিল্পীগৰাকীৰ নিজৰ ভাষাত তেওঁ এগৰাকী ''বাটৰুৱা শিল্পী''। তেওঁ কৈ গৈছে- ''আমি বাটৰুৱা শিল্পী,আমি বাটৰুৱা শিল্পী, আমি টলৌগুটি শিল্পী নহয় । আমি মানুহৰ দুখ, সুখ গীতৰে প্ৰকাশ কৰো।''
জাতীয় জীৱনৰ সন্ধিক্ষণত তেওঁ সদায়েই সন্মুখত থিয় হৈছিল। কা আন্দোলনৰ সময়তো তেওঁ নীৰৱে থকা নাছিল। দুধনৈত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ “ৰাজেন পাম সোঁৱৰণি শিল্পী বঁটা” গ্ৰহণ কৰি জাতিটোক একত্ৰিত হ'বলৈ আহ্বান জনাইছিল।
তেওঁ, ''কৈছিল বিদেশীয়ে আমাক গ্ৰাস কৰিবলৈ লৈছে, বিদেশীয়ে এদিন খাই পেলাব। সকলো জাতি জনগোষ্ঠী মিলি থাকক, এক হৈ থাকক ৷”
গীত আৰু কথাৰে তেওঁ আজীৱন অসমীয়া প্ৰেমৰ চানেকি দাঙি ধৰি গৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। সংবাদ মাধ্যমত তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সামাজিক মাধ্যমত বহুজনে তেওঁলৈ শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰিছে।