গামোচাই আনুষ্ঠানিক ভাৱে লাভ কৰিলে GI টেগ...

আজি গামোচাক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ'ল জি.আই টেগ।

author-image
Asomiya Pratidin
New Update
গামোচাই আনুষ্ঠানিক ভাৱে লাভ কৰিলে GI টেগ...

ডিজিটেল ডেস্ক : আজি গামোচাক আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হ'ল জি.আই টেগ। বিগত বছৰৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা এই টেগ বৃহস্পতি বাৰে সৰুসঁজাইৰ ষ্টেডিয়ামত আনুষ্ঠানিক ভাৱে প্ৰদান কৰে প্ৰমাণ পত্ৰ।

Advertisment

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত উদ্যোগ প্ৰচাৰ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ জৰিয়তে বিভাগীয় দ্বায়িত্বত থকা বিষয়াই এই প্ৰমাণ পত্ৰ প্ৰদান কৰে। সৰুসঁজাইৰ সহস্ৰাধিক ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰিলে এই প্ৰমা পত্ৰ।

উল্লেখ্য যে, আজি বিহুৰ বিশ্ব ৰেকৰ্ড কৰাৰ পূৰ্বে অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ প্ৰাকক্ষণত এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰমাণ পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে অসমবাসীক শুভেচ্ছা প্ৰদান কৰাৰ লগতে সৰুসঁজাইত বিহু চাবলৈ যোৱা প্ৰতিগৰাকী দৰ্শকক এখনি গামোচা ডিঙিত লৈ যাবলৈ আহ্বান জনায়।

Also Read: বাছ আস্থানে আস্থানে ভিৰ; ৰঙালীৰ পৰশত হেঁপাহৰ ঘৰলৈ ঢাপলি বহুজনৰ...

gamosa assamese culture