মানকাচৰৰ বিভিন্ন প্ৰান্তত ৮ টা জুৱাৰ ঘাটি উচ্ছেদ

দিপাৱলী আৰু কালী পূজাৰ সুযোগ লৈ মানকাচৰৰ বিভিন্ন প্ৰান্তত দুষ্ট চক্ৰই জুৱা খেলৰ বাতৰি আৰক্ষীয়ে লাভ কৰিছিল।

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ বিভিন্ন প্ৰান্তত ৮ টা জুৱাৰ ঘাটি উচ্ছেদ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দিপাৱলী আৰু কালী পূজাৰ সুযোগ লৈ মানকাচৰৰ বিভিন্ন প্ৰান্তত দুষ্ট চক্ৰই জুৱা খেলৰ বাতৰি আৰক্ষীয়ে লাভ কৰিছিল। এই জুৱা খেল চলোৱা ঘাটিত আৰক্ষীয়ে অভিযান চলাই ৮ টা জুৱাৰ ঘাটি উচ্ছেদ কৰি বৃহৎ পৰিমাণৰ জুৱা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

Advertisment

উল্লেখযোগ্য ভাৰত বাংলাদেশ আন্তৰাষ্ট্ৰীয় সীমান্ত তথা অসম মেঘালয় সীমান্তবৰ্তী মানকাচৰ চহৰৰ লগতে কেবাটাও স্থানত দীপাৱলী আৰু কালি পূজা উপলক্ষে দুষ্ট চক্ৰই জুৱাৰ খেল পাতিছে। মানকাচৰ আৰক্ষীয়ে এনে অবৈধ জুৱা খেলৰ ঘাটি কালি নিশা প্ৰায় ১০ বজাত অভিযান চলায়।

আৰক্ষীয়ে অঞ্চলটোৰ পৰা মুঠ ৮ টা জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষী অহা দেখি জুৱাৰী সকল পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিভিন্ন ধৰণৰ জুৱা সামগ্ৰী জব্দ কৰিছে। জুৱাৰ বিৰুদ্ধে এনে অভিযান চলোৱা ঘটনাক লৈ সচেতন মহলে মানকাচৰ আৰক্ষীক প্ৰশংসা কৰা পৰিলক্ষিত হয়।

মন কৰিবলগীয়া যে মানকাচৰৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ চকুত ধূলি দি একাংশ দুষ্ট চক্ৰই কালি পূজা উপলক্ষে জুৱা খেলৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা অভিযোগ উত্থাপন হৈছে। জিলা খনৰ আন আন থানাৰ আৰক্ষীয়েও এনে জুৱা খেলৰ বিৰুদ্ধে অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰাৰ দাবী জনাইছে সচেতন মহলে।

assam gambling mankachar Assam police