নগদ ধন সহ আটক ৫ জুৱাৰী

হাটশিঙিমাৰীৰ বেপাৰীপাৰাত জুৱাৰ বিৰুদ্ধে সুখচৰ আৰক্ষীৰ অভিযান।জুৱাৰ সামগ্ৰী, ৬ টা মোবাইল ফোন, নগদ ধন সহ আটক ৫ জুৱাৰী।

author-image
Asomiya Pratidin
New Update
নগদ ধন সহ আটক ৫ জুৱাৰী

ডিজিটেল সংবাদ,মানকাচৰঃ হাটশিঙিমাৰীৰ বেপাৰীপাৰাত জুৱাৰ বিৰুদ্ধে সুখচৰ আৰক্ষীৰ অভিযান।জুৱাৰ সামগ্ৰী, ৬ টা মোবাইল ফোন, নগদ ধন সহ আটক ৫ জুৱাৰী।

Advertisment

জুৱাৰী কেইটা ক্ৰমে সাহা আলম মিৰ্ধা, জহিৰুল ইছলাম, ৰহিম আলী, চান্দ মিয়া আৰু আনোৱাৰ হুছেইন বেপাৰী। বৰ্তমানে সুখচৰ থানাত জেৰা চলাই থকা হৈছে আটাইকেইটাক।

বেপাৰীপাৰা বজাৰত মোবাইলৰ জৰিয়তে ডাবু খেলি থকা অৱস্থাত দেওবাৰে আৰক্ষীয়ে জুৱাৰী কেইটাক আটক কৰে। জিলাখনৰ বিভিন্ন স্থানত এইদৰে মোবাইলত ডাবু, লুডু এপৰ জৰিয়তে জুৱা খেলে একাংশ জুৱাৰীয়ে।

দীৰ্ঘদিনীয়া অভিযোগৰ অন্তত আজি বেপাৰীপাৰাত এই অভিযান চলোৱা হৈছিল। জিলাৰ সদৰ হাটশিঙিমাৰীৰ বিভিন্ন প্ৰান্ততো এনে জুৱা খেল চলি থকা পৰিলক্ষিত হৈছে। খাৰুৱাবান্ধা আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে কিদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।

Also Read: মোবাইলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ

Assam police