/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/gggg.jpg)
ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত দেওবাৰে আৰক্ষীয়ে অভিযান চলাই তিনিটাকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত মোজাইবাৰী নামৰ গাঁৱখনৰ চ'কত এচাম জুৱাৰীয়ে দীৰ্ঘদিন ধৰি জুৱা খেলাৰ কথা জানিব পাৰি দেওবাৰে বিয়লি বকো আৰক্ষীৰ দল এটাই অতৰ্কিতে অভিযান চলায়।
জুৱাৰীয়ে আৰক্ষীৰ অভিযানৰ খবৰ আগতীয়াকৈ লাভ কৰি পলাই পত্ৰং দিয়ে যদিও আৰক্ষীৰ দলটোৱে মুকেশ ৰাভা , কাচু ৰাভা আৰু খালবেন চাংমা নামৰ জুৱাৰী তিনিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি জুৱাৰী তিনিটাক আৰক্ষীয়ে অধিক তথ্যৰ বাবে বকো থানাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে ।
উল্লেখযোগ্য যে খালবেন চাংমাৰ ঘৰ মেঘালয় ৰাজ্যত । আনহাতে মুকশ ৰাভা আৰু কাচু ৰাভাৰ ঘৰ বকোৰ বাঁহবাৰী আৰু মোজাইবাৰী গাঁৱৰ।
আৰু পঢ়ক: শিক্ষাৰ নামত অহা ১৩ কোটিৰ অপব্যৱহাৰ! সমাজ কৰ্মী মেধা পাটকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু…