/asomiyapratidin/media/media_files/2024/12/17/HUJuGoCwkqBliRaHRJhY.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গহপুৰ সমজিলাৰ ৫ গৰাকীকৈ কৃতীমানক সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে গহপুৰ জিলা কৰ্মচাৰী পৰিষদে। এই উপলক্ষে সোমবাৰে ঘাঁহিগাওস্থিত ছয়দুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত গহপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰনজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অসম অসামৰিক সেৱাত ১৪ নং স্থান প্ৰাপ্ত বৰঙাবাৰীৰ ৰুবু বৰা, অসম পুলিচ সেৱাৰ ১৪ নং স্থান প্ৰাপ্ত কলাবাৰী কলিতাগাঁৱৰ নিৰঞ্জন ভূঞা, অসম অসামৰিক সেৱাত ৪২ নং স্থান প্ৰাপ্ত কাউৰী পথাৰৰ কাৰিবিল নেপালীৰ ৰাজেন আচাৰ্য, সহকাৰী গাণনিক পৰীক্ষাত ৮২ নং স্থান প্ৰাপ্ত চন্দামাৰীৰ বাসৱী বৰা আৰু ৮৭ নং স্থান প্ৰাপ্ত টকৌবাৰী বালিগাঁৱৰ শিখা বস্নেতক অভিনন্দন পত্ৰ, ফুলাম গামোচাৰে উষ্ম অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়।
গহপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন ভূঞাই আঁত ধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব কুমাৰ চক্ৰৱৰ্তীয়ে। জিলা কৰ্মচাৰী পৰিষদৰ সহকাৰী সম্পাদকদ্বয় অৰুণ নেওগ, ভোলা ৰাম দাস আৰু সাংগঠনিক সম্পাদক নন্দ শৰ্মাৰ সামগ্ৰীক পৰিচালনাৰে অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত কৃতীমান সকলে কি দৰে নিয়মিতভাৱে পঢ়ি, সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে মন্তব্য ৰাখি এগৰাকী মানৰ দৰদী আৰু সফল বিষয়া হোৱাৰ আগ্ৰহ থকাৰ কথা সভাত প্ৰকাশ কৰে।
কাৰিবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰ চেত্ৰী, গমিৰি ঘাট হাইস্কুল প্ৰধান শিক্ষক কৃষ্ণ উপাধ্যয়, সহকাৰী শিক্ষক সূৰ্য ভূঞা, ডিপৰা হাইস্কুল প্ৰধান শিক্ষক ৰূপম হাজৰিকা, উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া প্ৰফুল্ল দাস, কৃতীমান সকলৰ পিতৃ-মাতৃ ক্ৰমে চিনু বৰা,জুলী হাজৰিকা বৰা, চম্পা বস্নেত, ৰত্ন বস্নেত,জিলা কৃৰ্তী শিক্ষক বঁটা প্ৰাপক জিতেন পেগু, দিলীপ ৰায়, কলংপুৰ হাইস্কুল সহকাৰী শিক্ষক জোনাৰাম শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক তথা গহপুৰ জিলা সাধাৰণ জাতি বিকাশ পৰিষদৰ সভাপতি দ্বীজেন ভূঞা, সদৌ অসম কৰ্মচাৰী পৰিষদ সদস্য বীৰেন হাজৰিকা,উন্নয়ন খণ্ডটোৰ কৰ্মচাৰীবৃন্দ আৰু স্থানীয় শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকে।
সভাখনত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক, গহপুৰ ছোৱালী হাইস্কুল অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জগদীশ শৰ্মা, বিশিষ্ট সমাজ কৰ্মী সিদ্ধেশ্বৰ হাজৰিকা, ছহিদ মুকুন্দ কাকতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ তথা জেষ্ঠ বিজ্ঞান শিক্ষক ৰূপম ৰাজখোৱা আদি।
ৰূপম ৰাখোৱাই অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গহপুৰীয়ানসকলে যাতে নিজৰ জন্মস্থান, ইয়াৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অঞ্চলৰহৈ ভবিষ্যতে কাম কৰি যায় আৰু পিছৰ সময়খিনিত আৰু সফলতাৰে আগবাঢ়ি যোৱাৰ আশা প্ৰকাশ কৰে।
আনহাতে, অভিনন্দন সভাৰ পিছতেই গহপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰনজিৎ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত ছয় দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব কুমাৰ চক্ৰৱৰ্তী, সহকাৰী খণ্ড উন্নয়ন বিষয়া প্ৰফুল্ল দাস,বিশিষ্ট সমাজ কৰ্মী সিদ্ধেশ্বৰ হাজৰিকা,কাৰিবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰ চেত্ৰীক উপদেষ্টা, ৰূপম ৰাজখোৱাক সভাপতি, কৃষ্ণ উপাধ্যায়ক উপ সভাপতি,ৰূপম হাজৰিকাক সম্পাদক, উৎপল উপাধ্যায়, হৰেন পাটগিৰিক সহকাৰী সম্পাদক আৰু সূৰ্য ভূঞা, জোনাৰাম শইকীয়াক সাংগঠনিক সম্পাদক হিচাপে লৈ গহপুৰ জিলা কৰ্মচাৰী পৰিষদৰ ছয়দুৱাৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us