/asomiyapratidin/media/media_files/2025/06/03/UfwbVVcMJcF2r2ewtaLY.jpg)
তীব্ৰজিৎ কলিতা আৰু প্ৰস্তুতি দলেৰ সফলতা
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰৰ দুই শিক্ষাৰ্থীৰ সফলতা। তীব্ৰজিৎ কলিতা আৰু প্ৰস্তুতি দলে নামৰ এই দুই মেধাৱী শিক্ষাৰ্থীয়ে জেইই এডভাঞ্চছৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে উত্তীৰ্ণ হৈ আই আই টিত অধ্যয়নৰ সুযোগ লাভ কৰিছে।
দুয়োৱে গহপুৰৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান নিউ স্কলাৰ্ছ একাডেমীত অধ্যয়ন কৰিছিল। এই শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল দুয়ো। ইয়াৰ পিছত দুয়ো ন-মাহ ধৰি অইল ছুপাৰ থাৰ্টিত অধ্যয়ন কৰি উচ্চ শিক্ষা গ্ৰহনৰ বাবে নিজকে বিশেষভাৱে সাজু কৰি তুলিছিল ।ইয়াৰে তীব্ৰজিৎ কলিতাই অইলৰ নগাঁও কেন্দ্ৰত আৰু প্ৰস্তুতি দলেই অইলৰ গুৱাহাটীৰ কেন্দ্ৰত অধ্যয়ন কৰিছিল।
দুয়োকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে গহপুৰৰ বহু প্ৰতিষ্ঠিত অন্যতম জনপ্ৰিয় শিক্ষা কেন্দ্ৰ এপিটাইছিয়া লাৰ্নিং হাৱৰ পৰিচালক তথা নিউ স্কৰ্লাছ একাডেমিৰ পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নৱদ্বীপ শইকীয়া আৰু পৰিচালিকা তথা নিউ স্কৰ্লাছ একাডেমিৰ গণিত বিষয়ৰ শিক্ষয়িত্ৰী উপমা মহন্তই। তীব্ৰজিৎ কলিতা আৰু প্ৰস্তুতি দলেৰ এই সাফল্যৰ আঁৰত আছে শিক্ষক নৱদ্বীপ শইকীয়াৰ যথেষ্ট অৰিহনা। জেইই এডভাঞ্চৰ পৰীক্ষাৰ বাবে নিজকে সাজু কৰাৰ সময়ত কিবা খোকোজা লাগিলেই শিক্ষক নৱদ্বীপ শইকীয়াই তেওঁলোকক দূৰ কৰি দিছিল পাঠ্যক্ৰমৰ খোকোজা সমূহ। এই পৰীক্ষাত সফলতা লাভ কৰাৰ ক্ষেত্ৰত তেওঁলোকক বিশেষ ভাৱে গাইড দিছিল শিক্ষক নৱদ্বীপ শইকীয়াই। এই শিক্ষাৰ্থী দুগৰাকীৰ সফলতাত যথেষ্ট আনন্দ লাভ কৰা বুলি উল্লেখ কৰে এপিটাইছিয়া লাৰ্নিং হাৱৰ পৰিচালক নৱদ্বীপ শইকীয়া আৰু পৰিচালিকা উপমা মহন্তই। তদুপৰি-ছাত্ৰ তীব্রজিৎ কলিতা আৰু ছাত্ৰী প্ৰস্তুতি দলেই তেওঁলোকৰ শৈক্ষিক অৱদানৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তীব্ৰজিৎ কলিতা বালিজান নিবাসী অমৰেন্দ্ৰ কলিতাৰ পুত্ৰ আৰু প্ৰস্তুতি দলে ডিলাপখৰা নিবাসী কৃষ্ণ দলেৰ জীয়ৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us