মহকুমাধিপতি আৰু আৰক্ষী বিষয়া অবিহনে চলিছে গহপুৰ মহকুমাৰ কাম

১৮ কোটিটকীয়া গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ পয়ালগা অৱস্থা
মহকুমাধিপতি আৰু আৰক্ষী বিষয়া অবিহনে চলিছে গহপুৰ মহকুমাৰ কাম

ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ মহকুমাৰ আজৱ কাণ্ড। মহকুমাধিপতি অবিহনে চলিছে গহপুৰ মহকুমাৰ কাম। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক অধিক সংস্কাৰ, জনমুখী আৰু গতিশীল কৰি তুলিবলৈ যি সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ঠিক সেই সময়তে গহপুৰ মহকুমাত প্ৰশাসনিক সংস্কাৰৰ নামত এখন ওলোটা ছবিহে পৰিস্ফুট হৈছে।

ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰৰ দৰে হৈ পৰা গহপুৰ মহকুমাৰ প্ৰশাসন যন্ত্ৰটো সম্প্ৰতি বিষয়া বিহীনভাৱে চলি থকা কাৰ্য্যই মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক সংস্কাৰৰ নামত দেখুওৱা তৎপৰতাৰ এখন ফোপোলা ছবি উন্মোচিত হোৱা বুলি গহপুৰবাসীয়ে মুকলিকৈ মন্তব্য কৰিছে।

জনসাধাৰণে প্ৰশাসন যন্ত্ৰক থাউকতে পোৱাৰ বাবে বিভিন্ন কাৰ্য্য ব্যৱস্থা হাতত লোৱা বুলি সভাই সমিতিয়ে কৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত গহপুৰ মহকুমাৰ আৰক্ষী আৰু প্ৰশাসনৰ কাম কাজ মুৰব্বী বিষয়া অবিহনে চলি থকা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে থকা দীপন বৰ্মন ৰঙিয়ালৈ বদলি হৈ যোৱাৰ পিছত যোৱা ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা গহপুৰ মহকুমা নিৰ্বাচনী বিষয়া পূজা পুণম গগৈয়ে ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দায়িত্ব পালন কৰি আছে।

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মহকুমাটোত পূৰ্ণাংগ পৰ্য্যায়ৰ মহকুমাধিপতি নিযুক্তি নিদিয়াত ভীষণ সমস্যাৰ সৃষ্টি হৈছে গহপুৰ বাসী ৰাইজৰ। বান বিধ্বস্ত গহপুৰ মহকুমাত ছত্ৰং,কুকুৰজান,সোলেঙী,ব্ৰহ্মাজানকে ধৰি বিভিন্ন নৈয়ে প্ৰত্যকটো বাৰিষাত তাণ্ডৱ চলাই অহাটো সাধাৰণ নিয়মত পৰিণত হৈ আহিছে।

এইবাৰ বাৰিষাতো ভয়াবহ ৰূপ ল'ব উক্ত নৈ সমূহৰ বাঢ়নী পানীয়ে। কাৰণ যোৱা বাৰিষাৰ বানে বিধ্বস্ত কৰা মথাউৰি এতিয়াও আছে উন্মুক্ত অৱস্থাত। মহকুমাটোক অহা বাৰিষাৰ বানৰ পৰা মুক্ত কৰিব পৰাকৈ মথাউৰি সমূহ খৰতকীয়া মেৰামতি কৰাৰ ক্ষেত্ৰত উপযুক্ত তদাৰক আৰু ব্যৱস্থা ল'বলৈ গহপুৰ মহকুমাত এগৰাকী পূৰ্ণ পৰ্য্যায়ৰ মহকুমাধিপতি নথকা বিষয়টোৱে আগন্তুক বাৰিষাক লৈ মহকুমাবাসীক অধিক শংকিত কৰি তুলিছে।

গহপুৰবাসীয়ে গহপুৰ মহকুমাত অতি শীঘ্ৰে এগৰাকী পূৰ্ণ পৰ্য্যায়ৰ মহকুমাধিপতিক নিযুক্তি দিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে। ইপিনে যোৱা নবেম্বৰ মাহৰ পৰা খালী হৈ আছে গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰ পদ।

গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰা অমিত কুমাৰ হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) হিচাপে পদোন্নতি পাই বিশ্বনাথলৈ বদলি হৈ যোৱাৰ পিছৰে পৰা যোৱা নবেম্বৰ মাহৰ পৰা আজিলৈকে উক্ত স্থানত স্থলাভিষিক্ত নহ'ল মহকুমা আৰক্ষী বিষয়া।

কেবল ইমানেই নহয়। গহপুৰ মহকুমাত নাই সুকীয়া জনকল্যান বিষয়া। গহপুৰ মহকুমা জনকল্যান বিষয়াৰ কাৰ্য্যলয়টোও বছৰৰ পিছত বছৰ ধৰি চলি আহিছে ভাৰপ্ৰাপ্ত বিষয়াৰ দ্বাৰাহে।

একেদৰে হেলেম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত যোৱা ডেৰ-দুবছৰ ধৰি খালী হৈ আছে সংলগ্ন ৰাজহ চক্ৰ বিষয়াৰ পদ।উক্ত ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়া চভিয়া পেগু বদলি হৈ যোৱাৰ পিছত আজিলৈকে নিযুক্ত নহ'ল সংলগ্ন ৰাজহ চক্ৰ বিষয়া।

জানিব পৰা মতে ২০০০ চনৰ ২৬ জানুৱাৰীত স্থাপিত হোৱা গহপুৰ মহকুমাত আজিলৈকে নিযুক্ত নহ'ল তথ্য আৰু জনসংযোগ বিষয়া। এনেদৰে বিষয়া বিহীন আৰু ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে চলি অহা এটা প্ৰশাসন যন্ত্ৰৰ পৰা মহকুমাবাসীয়ে কি আশা কৰিব সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নুবুজিলেও গহপুৰবাসীয়ে ভালকৈ উপলব্ধি কৰিছে।

মুখ্যমন্ত্ৰীৰ প্ৰশাসনিক সংস্কাৰৰ শ্ল'গান যে কেবল ভাষণতহে সীমাবদ্ধ সেয়া গহপুৰ মহকুমাৰ পয়ালগা প্ৰশাসনিক ব্যৱস্থাই প্ৰমাণ কৰি তুলিছে। উল্লেখযোগ্য গহপুৰ মহকুমাবাসীৰ চিকিৎসা গ্ৰহণৰ অন্যতম চৰকাৰী চিকিৎসা প্ৰতিষ্ঠান গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়খনৰো এতিয়া পয়ালগা অৱস্থা।

১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা ১০০ খন বিছনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱনটো ২০২২ চনৰ ২০ চেপ্তেম্বৰত শুভ উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেখিবলৈ ৰঙচঙীয়া চিকিৎসালয়খন উদ্ধোধন হোৱাৰ পিছত গহপুৰ মহকুমাবাসীয়ে ভাবিছিল চিকিৎসালয়খনৰ পৰা চৰকাৰীভাবে উন্নত চিকিৎসা লাভ কৰিব পৰা যাব।

উক্ত চিকিৎসালয়খনৰ পৰা বিশেষকৈ গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকল লাভাম্বিত হ'ব বুলি সকলোৱে আশা কৰিছিল যদিও সকলোবোৰ এতিয়া গালো বালো খোলাকতি তালত পৰিণত হ'ল। কাৰণ গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত দুমাহ ধৰি খালি হৈ আছে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ চিকিৎসকৰ পদ।

তদুপৰি চিকিৎসালয়খনত নাই অস্থি,চকু,ই এন টি,হৃদৰোগকে ধৰি বিভিন্ন বিভাগৰ চিকিৎসক। চিকিৎসালয়খনত বিভিন্ন উন্নত প্ৰযুক্তিৰ সা-সৰঞ্জাম,আই চি ইউ,বেবি কেয়াৰ ইউনিট আদি আছে যদিও প্ৰয়োজনীয় চিকিৎসকৰ অভাৱত এতিয়া এইবোৰ ভালুকৰ সাঙীত পৰিণত হৈছে।

বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী সদৃশ ১৮ কোটিটকীয়া এইখন গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা ৰাইজ মুঠেও উপকৃত হোৱা নাই।গহপুৰবাসী ৰাইজে উক্ত সমস্যা সমূহৰ খৰতকীয়া সমাধানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপযুক্ত পদক্ষেপ বিচাৰিছে।

মহকুমাধিপতি আৰু আৰক্ষী বিষয়া অবিহনে চলিছে গহপুৰ মহকুমাৰ কাম
নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত শ্ৰমিক শৰৎ বৰাৰ মৃত্যুত শোক প্ৰকাশ শ্ৰমিক ৰাইজৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in