পবিতৰাৰ অপৰূপ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ জি-২০ৰ প্ৰতিনিধি দল

পবিতৰাৰ বনৰীয়া জীৱ জন্তুৰ মুক্ত বিচৰণ নিচেই কাষৰ পৰা দেখি অভিভূত হৈ পৰা বুলিও উল্লেখ কৰে

author-image
Asomiya Pratidin
New Update
পবিতৰাৰ অপৰূপ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ জি-২০ৰ প্ৰতিনিধি দল

ডিজিটেল সংবাদ,মায়ং: পবিতৰা অভয়াৰণ্যত বুধবাৰে উপস্থিত হৈছে জি ২০ সন্মিলনৰ এটা প্ৰতিনিধি দল। দলটোত মুঠ ৩২ জন প্ৰতিনিধি আহিছে। পৃথকে পৃথকে অহা দল দুটা আজি পুৱা ৮ বজাত প্ৰথমটো দল আৰু ৯ বজাত দ্বিতীয়টো দল দুখন বিলাসী বাছেৰে আহি পবিতৰাত উপস্থিত হৈ দৰ্শন কৰে পবিতৰাৰ মনোমোহা দৃশ্য।

Advertisment

বন বিভাগৰ ১১ টাকৈ হাতী আৰু জীপত উঠি পবিতৰাত প্ৰৱেশ কৰে দলটো। প্ৰতিনিধি দলটোক পবিতৰাত আদৰণি জনাই বন বিভাগৰ লোকে। পবিতৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰাৰ পিছতেই ডাক বাংলাৰ সন্মুখত অস্থায়ীভাৱে নিৰ্মাণ কৰা অতিথি শালাত পুৱাৰ জলপান গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

পবিতৰা দৰ্শন কৰাৰ পিছতেই সাংবাদিকৰ আগত নিজৰ অনুভৱ ব্যক্ত কৰি ৩ গৰাকী বিদেশী প্ৰতিনিধিয়ে কয় যে পবিতৰাৰ মনোমোহা পৰিৱেশে তেওঁলোকক বাৰুকৈয়ে আপ্লুত কৰিছে। পবিতৰাৰ বনৰীয়া জীৱ জন্তুৰ মুক্ত বিচৰণ নিচেই কাষৰ পৰা দেখি অভিভূত হৈ পৰা বুলিও উল্লেখ কৰে।

কেইবাটাও গড় দেখা পোৱাৰ উপৰিও বনৰীয়া মহ,বন গাহৰি আৰু পৰিভ্ৰমী চৰাই দেখা পোৱা বুলি দলটোৱে জানিবলৈ দিয়ে।

Also Read: ভয়ংকৰ হত্যাকাণ্ড, পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ...

G-20