/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/THUMB-NAIL-2.jpg)
আকাশবাণীত নাট্যাভিনয়ৰে আৰম্ভ হৈছিল তেওঁৰ সামাজিক জীৱন । অধ্যয়ন কালত পিছে তেওঁৰ সাংবাদিক হোৱাৰ সপোন আছিল । কিন্তু বড়ো জাতিৰ ভাষা,সাহিত্য সংস্কৃতিৰ বিকাশৰ তাড়নাই তেওঁক টানি নিলে ভাষা সাহিত্যৰ জগত খনলৈ এই লৈ তেওঁৰ আক্ষেপ নাই। বিৰামহীন ভাবে প্ৰায় ৪ দশক বড়ো সকলৰ ভাষা সাহিত্য সংস্কৃতিৰ অভিভাৱক সংগঠন বড়ো সাহিত্যৰ সৈতে নিৰিবিচিন্ন ভাবে জড়িত হৈ আছে তেওঁ । যাৰ নাম তৰেণ বড়ো । বৰ্তমানৰ বড়ো সাহিত্য সভাৰ সভাপতি ।
জয়ভদ্ৰ হাগজেৰে আছিল বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি। বাসুগাঁৱত অনুষ্ঠিত এই প্ৰথমখন অভিৱৰ্তনতে ১৯৫২ চনত বড়ো সকলৰ বৌদ্ধিক সমাজে এই ধাৰণা স্পষ্ট কৰিছিল যে তেওঁলোকে বড়োমূলীয় আৰু উত্তৰ পূৱ ভাৰতৰ সমূহ খিলঞ্জীয়ী জাতি সত্বাক একত্ৰিত কৰি পূৰ্ণ বিকশিত হ'ব খোজে। তেনে এক স্বপ্ন আৰু লক্ষ্য আগত লৈয়েই চৰকাৰ আৰু মূল অসমীয়া সূঁতিটোৰ সহযোগিতাৰে ঢাপে ঢাপে আগৱাঢ়িছে বড়ো জাতি, বড়ো সাহিত্য সভা।
সেইবাবেই বড়ো সাহিত্য সভা কেৱল সাহিত্য সভা নহয়। ভাষা সাহিত্যৰ সমান্তৰালভাৱে ঐতিহ্য কৃষ্টি সংস্কৃতি , সমাজ অৰ্থনীতি বিকাশৰ বাবে সম বিকাশৰ পৰিকাঠামো নিৰ্মাণো তেওঁলোকৰ লক্ষ্য। মাতৃভাষা মাধ্যম প্ৰাথমিক স্তৰৰ পৰা বিশ্ব বিদ্যালয়লৈকে সকলোতে প্ৰচলন নহ'লে যে নতুন প্ৰজন্ম আৰু সামগ্ৰিকভাৱে জাতিটো আগৱাঢ়িব নোৱাৰে, সেই কথা তাহানিতে বিশ্বাস কৰিছিল বড়ো সাহিত্যসভাই। এনে চিন্তাৰ বহুখিনি সুফলো লাভ কৰিছে তেওঁলোকে।
এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল আড্ডাত বহি বহু কথাই ক'লে লেখক, অভিনেতা তথা ১৯৮৬ চনৰ পৰা একেলগে তৃণমূল পৰ্যায়ত কাম কৰাৰ পৰা দুটা কাৰ্যকালৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰা তৰেণ বড়োৱে। ইয়াৰ মাজতে তেওঁ কৈ গ'ল ৰাজনীতি এক প্ৰফেশ্যন, সমাজ একোখনৰ সুৰক্ষা অথবা বিকাশত তেওঁলোকৰ বৰঙনি থাকিব পাৰে কিন্তু মূল দায়িত্ব থাকে নতুন প্ৰজন্ম, মহিলা আৰু সচেতন সচেতন দায়বদ্ধ নাগৰিকৰহে।
অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ সৈতে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সেই সম্পূৰ্ণ সাক্ষাৎকাৰটো চাওঁক তলৰ লিংকত-
হোৱাটছএপ লিংক-
আগন্তুক ১৩-১৪ ফেব্ৰুৱাৰীত তামুলপূৰত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক অধিৱেশন। এই অধিবেশনত গ্ৰহণ কৰিব লগা প্ৰস্তাৱ আৰু ভৱিষ্যত পৰিকল্পনা প্ৰকাশ পালে আড্ডাত। শেহতীয়াকৈ বড়োভূমিত বিভাজনৰ ৰাজনীতি আৰম্ভ হোৱা প্ৰসংগক লৈ শংকিত তৰেণ বড়োৰ আহ্বান- এয়া বন্ধ হওঁক, শান্তি সম্প্ৰীতিক পৰিৱেশত সমিলমিলেৰে সকলোৱে সমাজ খনৰ আৰ্থিক কল্যাণ আৰু স্বাভিমান ৰক্ষাৰ বাবে কাম কৰক। বডোফা উপেন ব্ৰহ্মৰ চিন্তা চেতনাৰ আধাৰত আগৱাঢ়ক…