FULL EPISODE: আড্ডাত প্ৰাক্তন মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্ত…

FULL EPISODE: আড্ডাত প্ৰাক্তন মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্ত…

author-image
asomiyapratidin
New Update
FULL EPISODE: আড্ডাত প্ৰাক্তন মুখ্য কৰ আয়ুক্ত হেমন্ত বিজয় মহন্ত…

ডিজিটেল ডেস্কঃ আয়কৰ বিভাগৰ বহু জটিল কথা আমাৰ সাধাৰণ মানুহে নাজানে। সেইবোৰ কথাৰ পৰা দূৰৈত থকাৰ বাবেই এনেধৰণৰ বহু সমস্যাৰ সন্মুখীন হয় সাধাৰণ লোকসকল। আড্ডাৰ এক ব্যতিক্ৰম অনুষ্ঠানত অংশ লৈ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ সৈতে এইবোৰ কথা সহজ-সৰল ভাষাত আলোচনা কৰিলে ভাৰতীয় ৰাজহ সেৱাৰ প্ৰাক্তন বিষয়া হেমন্ত বিজয় মহন্তই।

Advertisment

বহুবোৰ বিষয় সামৰি লোৱা লৈছিল এই আড্ডাত। আড্ডাৰ প্ৰথমভাগত চাকৰিজীৱি, ব্যৱসায়ী আজিৰে জড়িত লোকসকলে কেনেদৰে আয়কৰ দিব আৰু নিয়ম অনুসৰি কি কি সুবিধা পাব পাৰে, সেই বিষয়ে বিস্তৃত আলোচনা কৰিলে মুখ্য কৰ আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰা মহন্তই।

আড্ডাৰ সম্পূৰ্ণ খণ্ডটি চাবলৈ ক্লিক কৰক এই লিংকত

এই অনুষ্ঠানত অংশ লোৱা হেমন্ত বিজয় মহন্তই ১৯৮৬চনত ভাৰতীয় ৰাজহ সেৱাত যোগদান কৰিছিল। গহপুৰ মহকুমাৰ চন্দ্ৰামাৰী বঙালীত জন্মগ্ৰহণ কৰা মহন্তই গহপুৰতে হাইস্কুল শিক্ষা গ্ৰহণ কৰি বিশ্বনাথ কলেজত উচ্চতৰ মাধ্যমিক আৰু দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল। তাৰ পাছত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল।

অষ্ট্ৰেলিয়াকে ধৰি বিদেশতো উচ্চ শিক্ষা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰা মহন্তই ২০২০চনৰ ৩১ অক্টোবৰত আয়কৰ বিভাগৰ মুখ্য কৰ আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে। আয়কৰ বিভাগৰ চোৱাংচোৱা বিভাগৰ সঞ্চালক, প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন পদবীত কাৰ্যনিবাহ কৰা এইগৰাকী জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত আয়কৰ বিভাগৰ বিষয়াই আড্ডাত অংশ লৈ কলে, কিদৰে আয়কৰ বিভাগ চলে আৰু কেনেদৰে আয়কৰ বিভাগৰ সুবিধা সাধাৰণ লোকে লব পাৰে।

কৃষিক্ষেত্ৰখনৰ উতপাদিত সামগ্ৰী আয়কৰ, গৃহ লোণ, ছাত্ৰ-ছাত্ৰী অধ্যয়ণ কৰিলে আয়কৰ ৰেহাইৰ সুবিধা আদি বিষয়সমূহ তেওঁ বিস্তৃতভাৱে ব্যাখা কৰে। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত বিভিন্ন সামাজিক কাম-কাজেৰে তেওঁ জড়িত হৈ পৰিছে।

বুৰৈপৰীয়া নামৰ এক ট্ৰাষ্টৰ জৰিয়তে সামাজিক কাম-কাজতো জড়িত মহন্তই আড্ডাত জনালে যে, আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ গহপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী। নিৰ্বাচনত টিকট লাভ কৰা আৰু বৰ্তমানৰ বিজেপি বিধায়কজনৰ কি কি কাম-কাজত সমষ্টিবাসী অসন্তুষ্ট সেই সন্দৰ্ভতো তেওঁ কয়।

গহপুৰ সমষ্টিৰ বানপানী, কল ষ্টৰেজ, জাতি-জনগোষ্ঠীৰ মাজত সমবিকাশ আৰু এক দুৰ্নীতিমুক্ত সমাজ ব্যৱস্থা গঢ়ি তোলাৰ বাবে তেওঁ বদ্ধপৰিকৰ বুলি সদৰি কৰে। ৰাইজৰ ইচ্ছা ৰাজনীতিত যোগদান কৰি দলে যি দায়িত্ব দিয়ে তাকেই কৰিবলৈ তেওঁ প্ৰস্তুত বুলি তেওঁ জনায়।

২০২০চনৰ ৫ নৱেম্বৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা মহন্তই কয় যে, গহপুৰ সমষ্টিত কৰিব লগা বহু কাম আছে। চৰকাৰী আচঁনি ৰূপায়নৰ ক্ষেত্ৰতো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তোলে বৰ্তমানৰ বিজেপি বিধায়কগৰাকীয়ে।
সত্ৰীয়া সংস্কৃতি, বৰগীত আদিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে তেওঁ উদ্যোগ গ্ৰহণ কৰিছে। গহপুৰত থকা কেইবাখনো সৰু নদীয়ে বাৰিষা কালত ভয়ানক ৰূপ ধাৰণ কৰে। এই নদী কেইখনক নিয়ন্ত্ৰণৰ বাবে কোনো বিধায়কে ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা আঙুলিয়াই দিয়াত প্ৰাক্তন কৰ আয়ুক্ত গৰাকীয়ে কয়, তেওঁ এই দিশত ব্যৱস্থা গ্ৰহণ কৰিব।

কৃষিক্ষেত্ৰখনৰ সন্দৰ্ভতো এই আড্ডাত দুয়োৱে ভালেমান বিষয় আলোচনা কৰে। বিষয়কৈ কল ষ্টৰেজ, কৃষকে উতপাদিত সামগ্ৰীৰ প্ৰকৃত মূল্য নোপোৱা প্ৰসংগবোৰেও এই আড্ডাত স্থান পায়।