হুইল চেয়াৰত পত্নী অঞ্জলীকলৈ ঠেলা চালক ফুলচান্দৰ সপোন

তেওঁলোকৰো আছে এখন হৃদয় ৷ জীৱন সংগীৰ প্ৰতি অন্তৰত থকা ভালপোৱাক তেওঁ দিছে নতুন মাত্ৰা ৷
nogaon
nogaon

ডিজিটেল সংবাদ,নগাঁও : তেওঁলোকৰো আছে এখন হৃদয় ৷ জীৱন সংগীৰ প্ৰতি অন্তৰত থকা ভালপোৱাক তেওঁ দিছে নতুন মাত্ৰা ৷

তেওঁলোকৰ নাই বিলাসী গাড়ী ৷ পকেটত নাই টকাৰ বাণ্ডিল ৷ এখন বিলাসী ৰেষ্টুৰেন্ট বা হোটেলত গৈ আনন্দ কৰিবলৈ নাই ধন ৷ ঠেলা চলাই কোনোমতে পোহপাল দিছে পৰিয়ালটো। ইয়াৰ বিপৰীতে কিন্তু আছে এটি সুন্দৰ মন ৷

এজন ৬৫ বছৰীয়া বৃদ্ধ ৷ নাম ফুলচান্দ দাস ৷ তেওঁৰ পত্নী ৬০ বছৰীয়া অঞ্জলী ৰয় ৷ নগাঁও চহৰৰ কোনো পথত দেখা পাব ফুলচান্দ-অঞ্জলী যুটিক ৷ এখন হুইল চেয়াৰত ৬০ বছৰীয়া অঞ্জলীক বহুৱাই ৬৫ বছৰীয়া ফুলচান্দ সন্ধ্যা ওলাই আহে ফুৰিবলৈ ৷

পত্নীক অগাধ ভালপোৱা ফুলচান্দে সন্ধ্যা ফুৰাবলৈ আনে ৷ স্বামীৰ মতে অঞ্জলীয়ে অলপ ফুৰিবলৈ পালে মনটো ভাল পায় ৷ দুয়ো তেনেদৰে আহি পথৰ কাষৰ কোনো দোকানত চাহ বিস্কুত খায় ৷

চাহ আৰু বিস্কুত অঞ্জলীয়ে হাতত লৈ খাব নোৱাৰে ৷ স্বামীয়ে সুন্দৰ ভাৱে খুৱাই দিয়ে ৷ অঞ্জলীয়ে স্বামীয়ে খুৱাই দিয়া চাহ বিস্কুত তৃপ্তিৰে খায় ৷ ফুলচান্দেও হাতত লয় একাপ ফিকা চাহ ৷ দুয়ো হাঁহি মাতি চাহ বিস্কুত খায় আকৌ যাত্ৰা আৰম্ভ কৰে ৷

এনেদৰে সন্ধ্যা ভ্ৰমণ কৰে ফুলচান্দ আৰু অঞ্জলিয়ে ৷ ঠেলা চালক ফুলচান্দে বিগত পোন্ধৰ বছৰে এনেদৰে চলাইছে সংসাৰ ৷ পত্নী পোন্ধৰ বছৰ পূৰ্বে উচ্চ ৰক্তচাপৰ বাবে শৰীৰীক ভাৱে সক্ষম হৈ পৰে ৷ উচ্চ চিকিৎসাৰ বাবে যথোপয়ুক্ত ধন নাছিল ৷ সামান্য আয়ৰে ফুলচান্দে পত্নীক সাধ্য অনুসৰি পৰিচৰ্যা কৰি আহিছে ৷

পুৱা ঠেলাখন লৈ ওলাই অহাৰ আগত ফুলচান্দে ঘৰুৱা কাম-বন কৰি অসুস্থ পত্নীক স্নান আদিৰ কামত সহযোগ কৰে ৷ তাৰ পিছত পুৱা আহাৰ মুঠি যোগান দিয়ে ৷ সকলো কাম সামৰি অঞ্জলিক হুইল চেয়াৰত বা বিচনাত শুৱাই ফুলচান্দৰ আৰম্ভ হয় ঠেলাখন লৈ কৰ্মজীৱন ৷ দিনটো থেলা চলাই আয় কৰি ঘৰলৈ বুলি ঘূৰে বৃদ্ধজন ৷

ঘৰত উপস্থিত হৈ হাত ভৰি ধুই পত্নীৰ কাষত উপস্থিত হৈ জিৰণি লয় ৷ মত বিনিময় কৰে দুয়ো ৷ ঘৰৰ ভিতৰত অকলে দিনটো পাৰ কৰা অঞ্জলিৰ অৱসাদ দূৰ কৰিবলৈ ফুলচান্দে ঠেলা চলাই দিনটো যি পায় তাক পকেটত ভৰাই পত্নীক সজাই পৰাই হুইল চেয়াৰত লৈ ওলাই আহে নগাঁও চহৰলৈ ৷

ফুলচান্দৰ নিজৰ বুলিবলৈ ঘৰ এখনো নাই ৷ নগাঁও চহৰৰ কাষৰীয়া এলেকা তেলিয়াঘৰত এটি ঘৰ ভাড়ালৈ লৈ দুয়ো জীৱন নিৰ্বাহ কৰি আহিছে ৷ এই ভাড়া ঘৰতে দুয়ো ৰচিছে সপোনৰ সংসাৰ ৷ দুয়ো প্ৰেমৰ এদাল ডোলেৰে ইজনে সিজনক বান্ধি ৰাখিছে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in