আজিৰে পৰা দাম কমিল বিলাতী সুৰাৰ...

আজিৰে পৰা দাম কমিল বিলাতী সুৰাৰ...

author-image
Asomiya Pratidin
New Update
হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য : কোনটো ব্ৰেণ্ডৰ দাম কিমান কমিল...

ডিজিটেল ডেস্ক : পহিলা ছেপ্তেম্বৰৰ পৰা দাম বাঢ়িল গাখীৰৰ। প্ৰতি লিটাৰত ৩টকাকৈ বৃদ্ধি পালে গাখীৰৰ দাম। ইয়াৰ বিপৰীতে আজিৰে পৰা ৰাজ্যত সুৰাৰ দাম হ্ৰাস পাইছে।

Advertisment

উল্লেখ্য যে আবকাৰী বিভাগে কেইদিনমান পূৰ্বে ৰাজহুৱা কৰিছিল এক বিজ্ঞপ্তি। উক্ত বিজ্ঞপ্তিত ১ ছেপ্তেম্বৰৰ পৰা সুৰাৰ দাম হ্ৰাস কৰাৰ কথা উল্লেখ কৰিছিল। সেই অনুসৰি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত বিলাতী সুৰাৰ দাম ব্যাপক হাৰত হ্ৰাস কৰা হৈছে।

আবকাৰী বিভাগে নিৰ্ধাৰণ কৰা নতুন নিৰিখি অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম ২২ টকাৰ পৰা ২১৪ টকালৈকে হ্ৰাস কৰিছে। ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বীয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস পাইছে ।

একেদৰে ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বীয়েৰৰ দাম ৩৪ টকাকৈ পাইছে। ইয়াৰোপৰি সাধাৰণ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকাকৈ হ্ৰাস পাইছে। ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কি আদিৰ দাম ১৪৪ টকাকৈ হ্ৰাস পাইছে।

ইফালে বিলাতী সুৰাৰ ভিতৰত লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী আদিৰ দাম ১৬৬ টকাকৈ হ্ৰাস পাইছে। সমসংখ্যক পৰিমাণৰ ৰামৰ ক্ষেত্ৰতো একেই নিৰিখ।

Also Read: এজাক বৰষুণতে জলমগ্ন লামডিং ৰে’লৱেৰ অঞ্চল

liquor