সাংসদ গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে ফ্ৰেইণ্ডছ ক্লাৱৰ বৃক্ষৰোপণ কাৰ্যসূচী…

সাংসদ গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে ফ্ৰেইণ্ডছ ক্লাৱৰ বৃক্ষৰোপণ কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
সাংসদ গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে  ফ্ৰেইণ্ডছ ক্লাৱৰ  বৃক্ষৰোপণ কাৰ্যসূচী…

ডিজিটেল সংবাদ মৈৰাবাৰীঃ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ জন্ম দিন উপলক্ষে আজি মৈৰাবাৰীত গৌৰৱ গগৈ ফ্ৰেইণ্ডছ ক্লাৱে এক বৃক্ষ ৰোপণ কার্যসূচী ৰূপায়ন কৰে। মৈৰাবাৰীৰ বহু কেইখন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে মৈৰাবাৰীত অৱস্থিত শ্ৰী শ্ৰী শংকৰদেৱৰ পবিত্ৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ি সত্ৰত বৃক্ষ ৰোপণ কৰা হয়।

Advertisment

সাংসদ গৰাকীৰ জন্ম দিনত বৃক্ষ ৰোপণ কার্যসূচীৰ নেতৃত্ব দিয়ে নগাওঁ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি অশ্বিক মীৰে। তেওঁৰ লগত সংগ দিয়ে মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ফাইজোৰ ৰহমান, ব্লক কংগ্ৰেছৰ মুখপাত্ৰ জহিৰুল ইছলাম মুক্তাৰকে আদি কৰি NSUI'ৰ কৰ্মীৰ লগতে কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকলে।