/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/self-help.jpg)
ডিজিটেল সংবাদ, নামতি: যি সময়ত বহু শিক্ষিত যুৱক-যুৱতীয়ে এটা চৰকাৰী নাইবা বেচৰকাৰী চাকৰীৰ বাবে সাবাথুৰি খাইছে তেনে সময়তে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ দহ গৰাকীকৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক বিৰল নিদৰ্শন । নামতি অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰৰ দহ গৰাকী কৈ শিক্ষিত যুৱক-যুৱতীয়ে একত্ৰিত হৈ ২০২০ চনত জন্ম দিছিল "ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপ" নামৰ এটা অনুষ্ঠান ।
এই অনুষ্ঠানটোৰ সদস্য সকলৰ উদ্দেশ্য এটাই আছিল প্ৰথমে নিজে উৎপাদনমুখীৰে স্বাৱলম্বী হৈ সমাজৰ অসহায়, দৰিদ্ৰক সকাহ প্ৰদান কৰা । সেই মহৎ উদ্দেশ্য আগত ৰাখিয়েই এই গ্ৰুপটোৱে প্ৰথমতে নামতি চাৰি আলিত প্ৰায় সাত বিঘা মাটিত ফিচাৰী খান্দি মৎস্য পালন আৰম্ভ কৰে । তাৰ পিছতেই প্ৰায় ৩৭ বিঘা মাটিত চাহ পুলিৰ লগতে প্ৰায় ২৫০০০ (পঁচিশ হাজাৰ) মুল্যৱান সাঁচি পুলি ৰূপণ কৰে । তদুপৰি, ফিচাৰীৰ পাৰে পাৰে কেইবা শতাধিক কলপুলি, অমিতা ৰূপন কৰাৰ লগতে বিভিন্ন শাক পাচলিৰ খেতিও আৰম্ভ কৰে । অৰ্ধ শতাধিক ছাগলী আৰু গৰু পালন কৰাৰ ছাগলীৰ বাবে সকলে পাঞ্জাবৰ পৰা আনি ৰূপন কৰিছে ঘাঁহ । ইতিমধ্যে "ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপ"ৰ সদস্য সকলে মাছ, শাক-পাচলি আদি বিক্ৰী কৰি কেইবা লাক্ষ্যাধিক টকা উপাৰ্জন কৰিছে । এইদৰে ক্ৰমান্বয়ে এই গ্ৰুপটোৰ সদস্য সকলৰ অশেষ শ্ৰমে সাৰ্থকতা পাবলৈ ধৰিছে ।
উল্লেখ্য যে, মাত্ৰ তিনিটা বছৰ সম্পূৰ্ণ নহওঁতেই "ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপ"ৰ সদস্য সকলে নিজৰ শ্ৰম আৰু একাগ্ৰতাৰ বিনিময়ত উৎপাদনৰ লাভাংশ পোৱা এটা অংশৰে সমাজৰ হিতৰ হকে ব্যয় কৰিবলৈ আৰম্ভ কৰে । তেওঁলোকে বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ ক্ষেত্ৰত সহায় কৰাৰ সমান্তৰাল ভাৱে বহু দূৰ্ভগীয়া পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে । কোৱা বাহুল্য যে, চাকৰিৰ আশাতেই হাত সাৱটি বহি নাথাকি মন-মগজুত কিছু চিন্তাৰ পৰিৱৰ্ত্তন ঘটালেই যে জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰি সেইয়া প্ৰমাণ কৰি দেখুৱালে নামতিৰ "ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপে" ।
আৰু পঢ়ক :শংকৰেদেৱৰ তিথিত কৰা উদ্দাম নৃত্যক লৈ বটদ্ৰৱাৰ সত্ৰাধিকাৰৰ প্ৰতিক্ৰিয়া…