ভৈয়াম জনজাতি কল্যাণ পৰিষদৰ অধীনত বৰছলাত বিনামূলীয়া ফুটবল প্ৰশিক্ষণ

ভৈয়াম জনজাতি কল্যাণ পৰিষদৰ অধীনত বৰছলাত বিনামূলীয়া ফুটবল প্ৰশিক্ষণ

author-image
asomiyapratidin
New Update
ভৈয়াম জনজাতি কল্যাণ পৰিষদৰ অধীনত বৰছলাত বিনামূলীয়া ফুটবল প্ৰশিক্ষণ

ডিজিটেল সংবাদ, ওৰাংঃ  ভৈয়াম জনজাতি কল্যাণ পৰিষদৰ অধীনত এমবাচি অৱ কিং ইৰাগদাও এন জি অৰ  উদ্যোগত ২৮ ফেব্ৰুৱাৰীৰ পৰা ১৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ অনুষ্ঠিত হ'ব শোণিতপুৰ জিলাৰ বৰছলা উন্নয়ন খণ্ডৰ ভৈৰাগুৰি খেলপথাৰত । ভাৰতীয় ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত প্ৰশিক্ষক মাৰগুইচ বসুমতাৰীয়ে দিবলগীয়া প্ৰশিক্ষণত শোণিতপুৰ জিলাৰ পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ সকলে অংশগ্ৰহণ কৰিব পাৰিব । প্ৰশিক্ষণৰ আয়োজন কৰা তথা এন জিঅটোৰ সম্পাদক সমলা দৈমাৰীয়ে ৰাইজৰ সহায় সহযোগিতা কামনা কৰাৰ লগতে ইচ্ছুক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।