চৰাইদেউ এঙেৰা অমৰজ্যোতি সংঘৰ বিনামূলীয়া ফুটবল প্ৰশিক্ষণ

চৰাইদেউ এঙেৰা অমৰজ্যোতি সংঘৰ বিনামূলীয়া ফুটবল প্ৰশিক্ষণ

ডিজিটেল সংবাদ, চৰাইদেউ : প্ৰতিভা বিকাশ আৰু চিনাক্তকৰণৰ বাবে চৰাইদেউ জিলাৰ এঙেৰা অমৰজ্যোতি সংঘৰে ৮ মাৰ্চৰ পৰা বিনামূলীয়াকৈ আৰম্ভ কৰিছে এমহীয়া ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ ৷

সংঘৰ চৌহদৰ খেলপথাৰত আৰম্ভ হোৱা এই প্ৰশিক্ষণ কেন্দ্ৰ ৬ বছৰৰ ঊৰ্দ্ধৰ শিশুৰ বাবে অনুষ্ঠিত হোৱা এই ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্দেশ্য হ'ল শিশুসকলক অভিজ্ঞ প্ৰশিক্ষকৰ অধীনত এক ফলাফল কেন্দ্ৰিক পাঠ্যক্ৰমৰ জৰিয়তে ভৱিষ্যতৰ পেছাদাৰী ফুটবলাৰ হিচাপে গঢ় দিয়াত সহায় কৰা ৷ 

সংঘৰ যুৱ কৰ্মী জ্যোতিষ কোঁৱৰৰ বিশেষ প্ৰচেষ্টাত অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ ৷ কণ কণ শিশু খেলুৱৈ উৎসাহ জনক অংশগ্ৰহণেৰে সকলোৱে আনন্দিত কৰি তুলিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in