ৰেলৱে বিভাগত পুনৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰী...

লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ মুখ্য কাৰ্যালয়ত ভিতৰত চলিছে টকাৰ ক'লা বজাৰ ৷ ৰেল বিভাগৰ লাখ লাখ টকাৰ ওপৰত শেন চকু একাংশ ৰেলৱে কৰ্মচাৰীৰে ৷ প্ৰায় ৩২ লাখ টকা ৰেল বিভাগৰ পৰা হৰলুকি কৰি নিলম্বিত হ'ব লগা হ'ল ৰেল বিভাগৰ তিনি কৰ্মচাৰী ৷

author-image
Asomiya Pratidin
New Update
ৰেলৱে বিভাগত পুনৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰী...

ডিজিটেল সংবাদ, লামডিং : উত্তৰ পূব সীমান্ত ৰেলৱেৰ অতি গুৰুত্বপূৰ্ণ তথা ডাঙৰ মণ্ডল হৈছে লামডিং মণ্ডল ৷ এই লামডিং মণ্ডলৰে প্ৰৱন্ধকৰ কাৰ্যালয়ত ৰেল বিভাগৰ লাখ লাখ টকা হৰলুকি কৰি আহিছে একাংশ ৰেলৱেৰ কৰ্মচাৰীয়ে ৷ এই কথা স্বীকাৰ কৰি বুধবাৰে এখনি সংবাদ মেলৰ জৰিয়তে সদৰি কৰে কাৰ্যালয়ৰ জেষ্ঠ বাণিজ্যিক প্ৰৱন্ধক কপিঞ্জন শৰ্মাই ৷

Advertisment

কাৰ্যালয়ত সংঘটিত কৰা এক ভয়ংকৰ বিত্তীয় কেলেংকাৰীয়ে লামডিঙৰ ৰেলৱে বিভাগত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিগত প্ৰায় ৬-৭ মাহ ধৰি লামডিঙৰ ৰেলৱেৰ তিনি কৰ্মচাৰী ক্ৰমে ষ্টেচন মাষ্টাৰ মহমদ্দ ছাজাহান আলি, বিল ক্লাৰ্ক গুৱাহাটীৰ দিপজ্যোতি কলিতা আৰু কাৰ্যালয় সহায়ক আবু হায়াতে প্ৰতি মাহে অবৈধভাৱে কিছু কিছু পৰিমাণে সৰ্বমুঠ প্ৰায় ৩২ লাখ টকা হৰলুকি কৰে ৷ এই ৩২ লাখ টকা ষ্টেচন মাষ্টৰ ছাজাহান আলিয়ে নিজৰ মাহিলি দৰমহাৰ একাউন্টত নিৰ্ভীকভাৱে আবু হায়াত আৰু দিপজ্যোতি কলিতাৰ সহায়ত জমা কৰিছিল ৷ কিন্তু হঠাৎ চলিত মাহত ৰেল বিভাগৰ বিত্তীয় হিচাপত খেলিমেলি পৰিলক্ষিত হোৱাত সকলো তথ্য পোহৰলৈ আহে ৷

ক্ৰমে ছাহজাহান আলি আৰু আবু হায়াত
ক্ৰমে ছাহজাহান আলি আৰু আবু হায়াত

টনা সন্দৰ্ভত বিভাগে তদন্ত কৰি উক্ত তিনিওজন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে ৰেল বিভাগে বিভাগীয় ধনখিনিও তেওঁলোকৰ একাউন্টৰ পৰা উদ্ধাৰ কৰে বুলি সংবাদ মেলত জানিব দিয়ে ৷ লগতে কপিঞ্জন শৰ্মাই কয় যে, বৰ্তমান তিনিও জন কৰ্মচাৰীকে চাৰ্জশ্বিট দিয়াৰ লগতে এই ঘটনাৰ সৈতে আন ব্যক্তিও জড়িত থকাৰ সম্ভাৱনাৰ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ অব্যাহত ৰাখিছে তদন্ত ৷

ইয়াৰ ওপৰিও আগন্তুক দিনত তদন্ত সম্পূৰ্ণ হোৱা পিছত তিনিওজনকে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সম্ভৱনা আছে বুলি বিভাগে জনায় ৷ প্রশ্ন হয় ডিজিটেল ইণ্ডিয়াৰ যুগত ইমান দিনে ইমান টকাৰ কেলেংকাৰী কিয় চকু পৰা নাছিল ৰেল বিভাগৰ ? ৰেল বিভাগৰ টকা আত্মসাৎ কৰাৰ এয়া নতুন কৌশল নেকি ? ইয়াৰ সৈতে ৰেলৱেৰ কোনো উচ্চ পদস্থ বিষয়া জড়িত আছে নেকি ? পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষ্যণীয় ।

assam lumding