/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/dry.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁৱত গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ সৰবৰাহকাৰী ৷ নগাঁৱৰ দিফলুৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই সৰবৰাহকাৰী ৷ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজনৰ নাম হৈছে মৃনাল ভূঞা আৰু হীৰক জ্যোতি বৰা ৷
দুয়োকে হেৰ'ইনৰ কন্টেনাৰ সহ দিফলু তিনি আলিত ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়ে ৷ ইটাচালী আৰক্ষীয়ে পিছত দুয়োকে গ্ৰেপ্তাৰ কৰে ৷
ইফালে হয়বৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম হৈছে মাইনউদ্দিন(৩৫) আৰু আইনুদ্দিন(৩২)৷ দুয়োজনকে আৰক্ষীয়ে ভকতগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে হয়বৰগাঁও আৰক্ষীয়ে ৷
আৰু পঢ়ক: উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ কোষাগাৰ গাণনিক বিষয়া…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us