কঠীয়াতলীত চাৰিদিনীয়াকৈ এই ছগ্ৰা পূজা উদযাপন...

কঠীয়াতলীত চাৰিদিনীয়াকৈ এই ছগ্ৰা পূজা উদযাপন...

ডিজিটেল সংবাদ, কঠীয়াতলীঃ বসন্তৰ আগমনৰ লগে লগেই যেন এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় মধ্য অসমত ৷ আৰম্ভ হয় তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক লোক উৎসৱ "ছগ্ৰা খাম" ৷ মধ্য অসমৰ কঠিয়াতলী নামবৰ লালুং গাঁৱত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই ছগ্ৰা পূজা ৷ মদাৰ আৰু শিমলু ফুল ফুলাৰ সময়তে অনুষ্ঠিত হয় তিৱা জনগোষ্ঠীৰ “ছগ্ৰা খাম” অৰ্থাৎ ছগ্ৰা উৎসৱ ৷ কৃষিভিত্তিক এই উৎসৱ উদযাপন নকৰাকৈ কৃষিভূমিত হাল বা কোৰ নলগায় তিৱা লোক সকলে ৷

বিগত বছৰৰ দৰে এইবেলিও কঠিয়াতলী নামবৰ লালুং গাঁৱত উলহ-মালহেৰে পালন কৰা হয় “ছগ্ৰা খাম” ৷ বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা এই ছগ্ৰা পূজা আজি অন্তিমটো দিন ৷ এই ছগ্ৰা পূজাৰ আছে এক বিশেষত্ব । পূজা চলি থকা সময়চোৱাত কঠিয়াতলীৰ এই তিৱা গাঁৱকেইখনত তিৱা সকলৰ ৰাজত্ব চলে ।

চলে এখন বিশেষ আইন, পূজা চলি থকা সময়ত কোনো ব্যক্তিয়ে জোতা-চেণ্ডেল, লংপেণ্ট পিন্ধি গাঁও খনত প্ৰৱেশ কৰিব নোৱাৰিব ৷ তদুপৰি গাড়ী-মটৰ, চাইকেল আদিও নিষিদ্ধ কৰিছে পূজাৰ সময়চোৱাত ৷ লক্ষণীয় ভাৱে সামাজিক নীতি-নিয়ম নামানি যদি কোনো লোকে গাঁৱখনত প্ৰৱেশ কৰে তেনেহ'লে সন্মুখীন হ'ব লাগিব চৰম শাস্তিৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in