অগ্নিনিৰ্বাপক বাহিনীৰ বাহনত শিলগুটি নিক্ষেপ, কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ অভিযোগত আটক চাৰিজনক...

কামৰূপ জিলাৰ বেজেৰাত সোমবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । নিশা প্ৰায় ১০-৪৫ বজাত বেজেৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিওঁ স্থানীয় সচেতন লোকে শ্বৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

author-image
Asomiya Pratidin
New Update
অগ্নিনিৰ্বাপক বাহিনীৰ বাহনত শিলগুটি নিক্ষেপ, কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ অভিযোগত আটক চাৰিজনক...

কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ

ডিজিটেল সংবাদ দুমুনিচকীঃ কামৰূপ জিলাৰ বেজেৰাত সোমবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । নিশা প্ৰায় ১০-৪৫ বজাত বেজেৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিওঁ স্থানীয় সচেতন লোকে শ্বৰ্ট চাৰ্কিটৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

Advertisment

অগ্নিকাণ্ডৰ ফলত ব্যাৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত থকা কেইবাটাও গেছ ভৰ্তি চিলিণ্ডাৰ এটাৰ পিছত আনটোকৈ বিস্ফোৰণ হয়। ফলত প্ৰত্যক্ষদৰ্শী লোক আতংকিত হৈ পৰাৰ উপৰি জুইৰ লেলিহান শিখায় ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমুহতো কম সময়ৰ ভিতৰতে বিয়পি পৰে।

প্ৰত্যক্ষদৰ্শী লোকৰ ভাষ্য অনুসৰি প্ৰথমে শালমাৰা নিবাসী জ্যোতিষ ডেকাৰ "প্ৰতিভা ষ্টোৰ" নামৰ সুতাৰ দোকানখনৰ পৰা জুইৰ সুত্ৰপাত হৈ বেজেৰা ৰাজখোৱাপাৰাৰ সঞ্জয় ডেকাৰ গেলামালৰ দোকানৰ লগতে একে গাৱৰে ভাষ্কৰ ডেকাৰ "ভাষ্কৰ ষ্টোৰ" নামৰ পাইকাৰী দোকান কেইখনত জুই বিয়পি পৰাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত থকা সা-সামগ্ৰী সম্পুৰ্ণ ৰূপে ভষ্মীভুত হৈ পৰে।

নিশাৰ অগ্নিকাণ্ডৰ বিষয়ে অৱগত হোৱাত স্থানীয় বাইহাটা চাৰিআলিৰ দুখন আগ্নিনিৰ্বাপক বাহীনিৰ বাহন ঘটনাস্থলীলৈ ৰাওনা হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই। কিন্তু পৰিতাপৰ বিষয় এয়াই যে দুয়োখন বাহনত পৰ্যাপ্ত পৰিমাণৰ পানী নথকাত অগ্নি নিৰ্বাপন নৌহওঁতেই বাহনৰ পানী শেষ হৈ পৰে।

ঘটনাস্থলীত উপস্থিত থকা লোকে জনোৱা অনুসৰি প্ৰায় ১০ মিনিট সময় পানী দিয়াৰ পিছতেই এখন এখনকৈ দুয়োখন বাহনৰ পানী শেষ হৈ পৰে। ফলত স্থানীয় লোক উত্তেজিত হৈ পৰে।

উত্তেজিত একাংশ লোকে আগ্নিনিৰ্বাপক বাহিনীৰ বাহনত শিলগুটি নিক্ষেপ কৰাৰ উপৰি বাহনৰ সন্মুখৰ গ্লাছ ভাঙি ক্ষতিগ্ৰস্ত কৰে। বাইহাটা চাৰিআলিৰ আগ্নিনিৰ্বাপক বাহিনীৰ নিস্ক্ৰিয়তাৰ ফলতেই ক্ষয়-ক্ষতিৰ পৰিমাণ অধিক হ'বলৈ পোৱা বুলি মত পোষণ কৰে উপস্থিত সচেতন লোকে।

ইফালে নিশাৰ অগ্নিকাণ্ডৰ বিষয়ে অৱগত হৈ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, মহকুমা আৰক্ষী বিষয়া, বাইহাটা চাৰিআলিৰ আৰক্ষী চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে অৰ্ধসামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ বাহনত শিলগুটি নিক্ষেপ
অগ্নিনিৰ্বাপক বাহিনীৰ বাহনত শিলগুটি নিক্ষেপ

উল্লেখ্য যে এখনৰ পিছত আনসনকৈ প্ৰায় ৮ খন ব্যৱসায়িক প্ৰতিষ্ঠানত জুই জ্বলি থকাৰ সময়ত ৰঙিয়া, মঙলদৈ আৰু শুৱালকুছিৰ পৰা অহা মুঠ ৭ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে প্ৰায় ডেৰ ঘন্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে নিশাৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় কোটি টকাৰো অধিক মুল্যৰ সা সামগ্ৰী জুইত জাহ যায়। মঙলবাৰে দিনৰ ভাগত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বুজ ল'বলৈ ঘটনাস্থলিত মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী উপস্থিত হয়।

আনহাতে নিশা অগ্নিকাণ্ডৰ সময়ত উত্তেজিত লোকে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে নিশা কৰ্তব্যৰত আৰক্ষী বিষয়াক দুৰ্ব্যবহাৰ কৰা বৰ্তমান চাৰিজন লোকক কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে বাইহাটা চাৰিআলি আৰক্ষীয়ে আটক কৰে।

আটকাধীন যুৱক কেইজন ক্ৰমে- সঞ্জয় ডেকা, জয়দিপ ডেকা, শৰত ডেকা আৰু নন্দ ভূঞা বুলি জানিব পৰা গৈছে। বাতৰি লিখা পৰলৈকে আটকাধীন যুৱক কেইজনক বাইহাটা চাৰিআলি থানাৰ পৰিবৰ্তে অন্য থানাত ৰাখি সোধা-পোচা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।

Also Read: হিমন্ত চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিঃ প্ৰতিদিন টাইমৰ "মেগা অপিনিয়ন পোল" চাওঁক...

pelting stones at fire brigade vehicle arrest four