Advertisment

ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ চাৰি অভিযুক্তক পশ্চিমবংগত গ্ৰেপ্তাৰ...

ৰঙিয়াৰ চাঞ্চল্যকৰ ধৰ্মেন্দ্ৰ নাথৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৪ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তত্বাৱধানত পশ্চিমবংগৰ পৰা আটক কৰা হৈছে চাৰি অভিযুক্তক।

author-image
Asomiya Pratidin
New Update
ধৰ্মেন্দ্ৰ নাথ হত্যা কাণ্ডৰ চাৰি অভিযুক্তক পশ্চিমবংগত গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ ৰঙিয়াৰ চাঞ্চল্যকৰ ধৰ্মেন্দ্ৰ নাথৰ হত্যাকাণ্ডৰ সৈতে জড়িত ৪ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তত্বাৱধানত পশ্চিমবংগৰ পৰা আটক কৰা হৈছে চাৰি অভিযুক্তক।

Advertisment

ধৃত চাৰি অভিযুক্ত ক্ৰমে মনি কাকতি, অনুষ্ময় কলিতা, বিকি লহকৰ আৰু নিতু কলিতা। উল্লেখ্য যে, যোৱা ২৫ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ  আছিল ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজন। তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত দাখিল কৰা হৈছিল এক গোচৰ। 

তাৰোপৰি ধৰ্মেন্দ্ৰ নাথৰ সন্ধান বিচাৰি স্থানীয় লোকে ৰঙিয়া আৰক্ষী থানাও ঘেৰাও কৰিছিল। তাৰ মাজতেই ২৯ ডিচেম্বৰচ আৰক্ষীয়ে ধৰ্মেন্দ্ৰৰ সন্ধানহীনৰ বিষয়টোৰ সৈতে জড়িত থকাৰ অভিযোগত ঢেকীয়াজুলীৰ পৰা দুজন যুৱকক আটক কৰিছিল। 

তাৰ পাছতেই আজি ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ বান্ধি থোৱা অৱস্থাত এটা পুখুৰীত উদ্ধাৰ হয়। তাৰ পাছতে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্য। ইয়াৰ পাছতে তেওঁৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত এই কেইজন লোকক আটক কৰা হৈছে।

হত্যাকাণ্ড ৰঙিয়া