/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/qizcl0f7/5d938c47-e3cf-4f73-803f-0be0539a809d.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াৰ এখন আগশাৰীৰ বেচৰকাৰী বিদ্যালয় 'শংকৰদেৱ শিশু নিকেতন'ৰ আন্তঃগাথঁনি উন্নয়নৰ বাবে ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয় আটকধুনীয়া সভাগৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি হয়। উক্ত কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকে।
উল্লেখ্য যে ক্ষেত্ৰ প্ৰচাৰকগৰাকীয়ে বিদ্যালয়খনৰ কিছু শৈক্ষিক বাতাবৰণ সম্পৰ্কে বুজ লয়। ইফালে আধাৰশিলা স্থাপনৰ সময়ত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতা। বিধায়ক গৰাকীয়ে আধাৰশিলা মুকলি কৰি আগন্তুক দিনবোৰত নিকেতনখনে শ শ সম্ভাৱনাক ৰাষ্ট্ৰৰ সদ্ভাৱনা হিচাপে গঢ়ি তোলাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সংস্কাৰমুখী যাত্ৰাই সফলতাৰ শিখৰ চুবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/zou021bx/11b7b3a7-4624-42b7-8090-e3467dcb6f83.jpg)
আনহাতে এই নিৰ্মাণ হ'বলগীয়া সভাগৃহটিৰ জৰিয়তে নিকেতনখনে সভা সমিতি, অনুষ্ঠানসমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ এই আধাৰশিলা মুকলি অনুষ্ঠানত নিকেতনৰ প্ৰধানচাৰ্য দিলীপ কুমাৰ লহকৰ, প্ৰচাৰক পংকজ কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক খগেন শৰ্মা, পত্ৰ লেখন প্ৰমূখ নয়নজ্যোতি তালুকদাৰ, কাৰ্যবাহী অশ্বিনী শইকীয়াকে ধৰি অভিভাৱক -অভিভাৱিকা, শিক্ষাৰ্থী,আচাৰ্য বৃন্দ উপস্থিত থাকে।